ETV Bharat / bharat

দিল্লীত বিগত ২৪ ঘণ্টাত ৩,৩৯০ গৰাকীৰ দেহত কৰ'ণাৰ অৱস্থিতি

author img

By

Published : Jun 26, 2020, 7:50 AM IST

দিল্লীত দ্ৰুত গতিত বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্তৰ সংখ্যাই । বিগত ২৪ ঘণ্টাত দিল্লীত নতুনকৈ ৩,৩৯০ গৰাকী ব্যক্তিৰ দেহত ধৰা পৰে মহামাৰী কৰ'ণা । আৰু মৃত্যু হয় ৬৮ গৰাকী লোকৰ । যাৰ ফলত দিল্লীত কৰ'ণা আক্ৰান্তৰ সংখ্যা ৭৩,৭৮০ গৰাকীলৈ বৃদ্ধি পোৱাৰ বিপৰীতে ভাইৰাছত আক্ৰান্ত হৈ মুঠ ২৪২৯ গৰাকী লোক মৃত্যু হৈছে বুলি সদৰি কৰে দিল্লী স্বাস্থ্য বিভাগে ।

দিল্লী
দিল্লীত বিগত ২৪ ঘণ্টাত ৩,৩৯০ গৰাকী ব্যক্তিৰ দেহত কৰ'ণা

নিউজ ডেস্ক, ২৬ জুনঃ দেশৰ ৰাজধানী দিল্লীত মহামাৰী কৰ'ণা আক্ৰান্তৰ সংখ্যাই বৃহস্পতিবাৰে অতিক্ৰম কৰিলে ৭৩ হাজাৰো অধিক । বিগত ২৪ ঘণ্টাত নতুনকৈ ৩,৩৯০ গৰকী ব্যক্তিৰ দেহত কৰ'ণা সংক্ৰমিত হোৱাৰ ফলত দিল্লীত বৃদ্ধি পালে মুঠ ৭৩,৭৮০ গৰাকী কৰ'ণা আক্ৰান্ত ব্যক্তিৰ সংখ্যা ।

আনহাতে, দিল্লীত দ্ৰুত গতিত মহামাৰী কৰ'ণা বৃদ্ধি পোৱাৰ সমান্তৰালকৈ ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে । দিল্লীৰ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত দিল্লীত কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে ৬৪ গৰাকী লোকৰ । যাৰ পৰিপ্ৰেক্ষিতত দিল্লীত কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা ব্যক্তিৰ সংখ্যা ২,৪২৯ গৰাকীলৈ বৃদ্ধি হয় ।

তাৰোপৰি, বিগত ২৪ ঘণ্টাত ৰাজধানী দিল্লীত ৩,৩২৮ গৰকী লোক কৰ'ণা মুক্ত বুলি ঘোষণা কৰে । ফলত বৰ্তমান পৰ্যন্ত দিল্লীত ৪৪,৭৬৫ গৰাকী লোক আৰোগ্য হৈ উঠিছে বুলি সদৰি কৰে দিল্লী স্বাস্থ্য বিভাগে । লগতে ২৬,৫৮৬ গৰাকী ব্যক্তিৰ দেহত বৰ্তমান পৰ্যন্ত কৰ'ণা ভাইৰাছ সক্ৰিয় হৈ থকাৰ বিপৰীতে ১৫,১৫৯ গৰাকী লোক হোম কোৱাৰেণ্টাইনত থকা বুলিও সদৰি কৰে ।

দিল্লীৰ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি, দিল্লীত বিগত ২৪ ঘণ্টাত ১৭,৩০৫ গৰাকী ব্যক্তিৰ কৰ'ণা টেষ্ট কৰা বুলি সদৰি কৰে । যাৰ ফলত দেশৰ ৰাজধানীখনত বৰ্তমানলৈকে ৪,৩৮,০১২ গৰাকী ব্যক্তিৰ কৰ'ণা টেষ্ট কৰা বুলি উল্লেখ কৰে । লগতে ২৮০ টা ঠাই কণ্টেমেণ্ট জ'ন হিচাপে চিনাক্ত কৰা হৈছে বুলি সদৰি কৰে ।

লগতে পঢ়ক : অনশনত বহিল অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.