ETV Bharat / bharat

অধিক সেনা মোতায়নৰ বাবে কেন্দ্ৰক অনুৰোধ দিল্লী মুখ্যমন্ত্ৰীৰ - উত্তৰ-পূৱ দিল্লীত হিংসাত্মক কাৰ্য

দিল্লীত শক্তিশালী আৰক্ষী-সেনাৰ দল মোতায়েন কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক আহ্বান দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ৷ হিংসাত্মক ঘটনাৰ মাজতে দিল্লীত শান্তি-শৃংখলা অক্ষুন্ন ৰখাৰ উপায় সন্দৰ্ভত আম আদমী পাৰ্টিৰ মন্ত্ৰী-বিধায়ক আৰু কাৰ্যকৰ্তাৰ সৈতে এক বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী কেজৰিৱাল ৷ তেওঁ মানুহক শান্তি বজাই ৰাখিবলৈ অনুৰোধ জনোৱাৰ লগতে আঘাতপ্ৰাপ্তসকলৰ স্বাস্থ্যৰ বুজ লয় ৷

Delhi CM requests for more force from Centre, meets officials to discuss measures to restore peace
অধিক সেনা মোতায়নৰ বাবে কেন্দ্ৰক অনুৰোধ দিল্লী মুখ্যমন্ত্ৰীৰ
author img

By

Published : Feb 26, 2020, 1:39 PM IST

নিউজ ডেস্ক, 26 ফেব্ৰুৱাৰীঃ উত্তৰ-পূৱ দিল্লীত হিংসাত্মক কাৰ্য সংঘটিত হোৱা অঞ্চলসমূহত শক্তিশালী আৰক্ষী-সেনাৰ দল মোতায়ন কৰিবলৈ মঙলবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক আহ্বান দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ আৰু এই হিংসাত্মক ঘটনাৰ মাজতে দিল্লীত শান্তি-শৃংখলা অক্ষুন্ন ৰখাৰ উপায় সন্দৰ্ভত আম আদমী পাৰ্টিৰ মন্ত্ৰী-বিধায়ক আৰু কাৰ্যকৰ্তাৰ সৈতে এক বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী কেজৰিৱাল ৷ তেওঁ দিল্লীত শান্তি ঘূৰি আহিবলৈ ডেপুটি কমিচনাৰ মনীষ চিছ'দিয়া আৰু আন মন্ত্ৰী-বিধায়কৰ সৈতে মহাত্মা গান্ধীৰ স্মৃতিস্তম্ভ ৰাজঘাটত উপস্থিত হৈ প্ৰাৰ্থনা কৰাৰ লগতে সকলোকে শান্তি বজাই ৰাখিবলৈ অনুৰোধ জনায় ৷

মুখ্যমন্ত্ৰী কেজৰিৱালে সোমবাৰে হিংসাত্মক কাৰ্যত প্ৰাণ হেৰুওৱা দিল্লী আৰক্ষীৰ মুখ্য কনিষ্টবল ৰতন লালৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে ৷ অৱশ্যে কনিষ্টবল ৰতন লালৰ বাসগৃহত উপস্থিত হৈ তেওঁ প্ৰতিবাদৰ সন্মুখীন হ’বলগীয়া হয়৷ প্ৰতিবাদী লোকসকলক তেওঁ কয় যে, ‘‘হিংসা নিৰ্মূলৰ কোনো উপায় আমাৰ হাতত নাই, এইক্ষেত্ৰত আপোনালোকে শান্তি বৰ্তাই ৰাখক৷’’ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ তেওঁ দলৰ মন্ত্ৰী-বিধায়কৰ সৈতে সাক্ষাৎ গ্ৰহণৰ সিদ্ধান্ত লয় আৰু জিলা দণ্ডাধীশ আৰু মহকুমা ন্যায়িক দণ্ডাধীশক শান্তি মাৰ্চ উলিয়াবলৈ নিৰ্দেশ দিয়া বুলি দিল্লী চৰকাৰে জানিবলৈ দিয়ে ৷

Delhi CM requests for more force from Centre, meets officials to discuss measures to restore peace
অধিক সেনা মোতায়নৰ বাবে কেন্দ্ৰক অনুৰোধ দিল্লী মুখ্যমন্ত্ৰীৰ

দিল্লী চহৰৰ লগতে সীমান্ততো যাতে সুৰক্ষা বজাই ৰাখে আৰু কোনো বাহিৰা লোকে প্ৰৱেশ কৰিব নোৱাৰে তাৰ ওপৰত দৃষ্টি ৰাখিবলৈ মুখ্যমন্ত্ৰী কেজৰিৱালে গৃহমন্ত্ৰী অমিত শ্বাহক বৈঠকত অনুৰোধ জনায়৷ সকলোৱে একেলগ হৈ শান্তিপূৰ্ণ আলোচনাৰ জৰিয়তে সিদ্ধান্তত উপনীত হ’লে এই হিংসাত্মক কাৰ্যৰ সমাধান পোৱা যাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে এক সংবাদমেলত দিল্লীৰ জনসাধাৰণক জানিবলৈ দিয়ে৷ তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকসকলক ততাতৈয়া চিকিৎসাৰ বাবে চিকিৎসালয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে৷ লগতে অগ্নিনিৰ্বাপক বাহিনীক ঘটনাস্থলীত সময়মতে উপস্থিত হোৱাৰ বাবে সাজু হৈ থাকিবলৈ নিৰ্দেশ দিয়ে৷ মুখ্যমন্ত্ৰী কেজৰিৱালে ডেপুটি সিসোদিয়াৰ সৈতে জি টি বি হাস্পতাল আৰু মেক্স হাস্পতালত উপস্থিত হৈ আঘাতপ্ৰাপ্ত আৰক্ষী আৰু সাধাৰণ লোকসকলৰ স্বাস্থ্যৰ বুজ লয়৷ সংশোধিত নাগৰিকত্ব আইন (CAA)ৰ হিংসাত্মক ঘটনাত ইতিমধ্যে উত্তৰ-পূৱ দিল্লীৰ বিভিন্ন অঞ্চলত 13 জন লোকৰ মৃত্যু হয় আৰু 100 জনৰো অধিক লোক গুৰুতৰভাৱে আহত হয়৷

লগতে পঢ়কঃকেবিনেট সমিতিৰ সৈতে বৈঠকত মিলিত হ'ব ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডভাল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.