নিউজ ডেস্ক,৭ জুনঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দেওবাৰে ঘোষণা কৰে এসপ্তাহ ধৰি ছীল কৰি থোৱা আন্তঃৰাজ্যিক সীমা পুনৰ মুকলি কৰি দিয়াৰ কথা ৷ ভিডিঅ কনফাৰেন্সৰ জৰিয়তে এই কথা ঘোষণা কৰে অৰবিন্দ কেজৰিৱালে । উল্লেখযোগ্য যে, ক'ৰণা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধিৰ বাবে বিগত সপ্তাহত ছীল কৰি দিয়া হৈছিল দিল্লীৰ আন্তঃৰাজ্যিক সীমা । ইয়াৰ দ্বাৰা বহিঃৰাজ্যৰ পৰা লোকসকলৰ দিল্লীত প্ৰবেশ কৰাত বাধা আৰোপ কৰিছিল । মাত্র জৰুৰীকালীন সেৱাৰ বাবেহে সীমান্তৰে অনুমতি প্ৰদান কৰি ৰাখিছিল দিল্লী চৰকাৰে ।
সোমবাৰৰ পৰা পুনৰ মুকলি দিল্লীৰ আন্তঃৰাজ্যিক সীমা
ছীল কৰি থোৱা দিল্লীলৈ অহা আন্তঃৰাজ্যিক সীমাসমূহ সোমবাৰৰ পৰা মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ ৷