ETV Bharat / bharat

এসপ্তাহলৈ ছীল কৰিলে দিল্লীৰ সীমান্ত - দেশৰ ৰাজধানী চহৰ নতুন দিল্লীৰ চাৰিসীমা ছীল

দিল্লীত অধিক হাৰত বৃদ্ধি পাব লৈছে COVID-19 আক্ৰান্তৰ সংখ্যা । সেয়ে এসপ্তাহলৈ সীমান্ত ছীল কৰাৰ কথা ঘোষণা কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ।

এসপ্তাহলৈ ছীল কৰিলে দিল্লীৰ সীমান্ত
এসপ্তাহলৈ ছীল কৰিলে দিল্লীৰ সীমান্ত
author img

By

Published : Jun 1, 2020, 7:12 PM IST

নিউজ ডেস্ক, 1 জুনঃ দেশৰ ৰাজধানী চহৰ নতুন দিল্লীৰ চাৰিসীমা ছীল কৰাৰ কথা ঘোষণা কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে । সোমবাৰে কেজৰিৱালে কৰা ঘোষণা অনুসৰি পৰৱৰ্তী সপ্তাহলৈ ৰাজ্যখনৰ চাৰিসীমা বন্ধ হৈ থাকিব । অৱশ্যে অত্যাৱশ্যকীয় সামগ্ৰীৰ বাবে যাতায়ত অব্যাহত থাকিব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে অৱগত কৰে । দিল্লীত অত্যাধিক হাৰত বৃদ্ধি পোৱা COVID-19 আক্ৰান্ত লোকৰ সংখ্যাৰ বাবেই এই সিদ্ধান্ত লোৱা হ'ল বুলি জানিব পৰা গৈছে ।

আনহাতে ৰাজ্যখনত ছেলুন,পাৰ্লাৰ খোলাৰ অনুমতি দিয়া হৈছে যদিও স্পা সমূহ খুলিবলৈ এতিয়াও অনুমতি প্ৰদান কৰা নাই । ইফালে দিল্লীত দোকান খোলাৰ ক্ষেত্ৰত যুগ্ম-অযুগ্ম নীতি নিৰ্ধাৰণ কৰা হৈছিল যদিও কেন্দ্ৰই বৰ্তমান এই ক্ষেত্ৰত সকলো দোকান খোলাৰ নিৰ্দেশ দিয়া বাবে বৰ্তমানৰ পৰা সকলো দোকান খুলিব পাৰিব বুলি জনাই কেজৰিৱালে । আনহাতে অটো আৰু ই ৰিক্সাত যাত্ৰাৰ বাবে থকা নিষেধাজ্ঞাও প্ৰত্যাহাৰ কৰা হৈছে বুলি অৱগত কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

কেন্দ্ৰীয় চৰকাৰে শিথিল কৰা সকলো নিয়মেই দিল্লীতো শিথিল হোৱা বুলি মুখ্যমন্ত্ৰী কেজৰিৱালে জনায় ।

লগতে চাওকঃ টংলা কলেজৰ কোৱাৰেন্টাইন কেন্দ্ৰত থকা কিশোৰৰ পলায়ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.