সমগ্ৰ দেশবাসী গান্ধীজীৰ 150তম্ জন্মজয়ন্তী আৰু 70তম্ শ্বহীদ বাৰ্ষিকী উদযাপনৰ বাবে তৎপৰ হৈ পৰাৰ সময়তেই মৃত্যু সম্পৰ্কত গান্ধীজীৰ দৃষ্টিভংগীক স্মৰণ কৰা প্ৰাসংগিক ৷ এনে খুব কম পৰিসৰহে আছে য’ত গান্ধীজীৰ বিষয়ে লিপিবদ্ধ বা আলোচনা কৰা হোৱা নাই ৷ মৃত্যু সম্পৰ্কেও তেখেতে ব্যাপক চিন্তা-ভাৱনা কৰিছিল ৷
নিজৰ ৰাজনৈতিক জীৱনৰ আৰম্ভণিৰে পৰাই গান্ধীজীয়ে নিৰ্ভীকতাৰ ওপৰত যথেষ্ট গুৰুত্ব দিছিল ৷ এই নিৰ্ভীকতাই তেখেতক সকলো ভয়ৰ পৰাই মুক্ত কৰিছিল৷ সেইবাবেই তেখেতে মৃত্যুৰ ভয়ৰ পৰাও নিজকে মুক্ত কৰিব পাৰিছিল ৷
তেখেতে নিজৰ গ্ৰন্থ "সত্যাগ্ৰহ"ত উল্লেখ কৰিছিল যে প্ৰত্যেকজন লোকৰেই ইশ্বৰৰ ওপৰত অগাধ বিশ্বাস থকা উচিত৷ জীৱন আৰু মৃত্যুৰ সম্পৰ্কৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰি তেখেতে লিখিছিল যে,"মৃত্যুৰ মুখামুখি হোৱা সময়ত সকলো লোকেই যুগ যুগ বিচ্ছিন্ন হোৱাৰ পিছত এজন বন্ধুক সাক্ষাৎ পোৱাৰ সমানেই আনন্দিত হোৱা উচিত" ৷ 1926 চনৰ 30 ডিচেম্বৰত ইয়ং ইণ্ডিয়াত লিখাৰ সময়ত গান্ধীজীয়ে ব্যক্ত কৰিছিল যে,"মৃত্যু কেৱল বন্ধুৱেই নহয়,প্ৰিয়তম সহচৰ৷"
মৃত্যু তেখেতৰ বাবে কোনোধৰণৰ ভীতিজনক ঘটনা নাছিল৷ একেদৰে তেখেতে ক'ৰবাত উল্লেখ কৰিছিল যে "কোনো সময়ত মৃত্যু এক সৌভাগ্য৷" কিন্তু এই ভাগ্য এজন যোদ্ধাৰ বাবে দুগুণ, যি সত্যৰ লক্ষ্য অৰ্জনৰ বাবে মৃত্যুবৰণ কৰে ৷ ইয়াত সত্যৰ স্বীকৃতিক নিৰ্ভীকতাৰ সৈতে এনেদৰে সংযুক্ত কৰা হৈছে যে কোনো প্ৰকাৰে ইয়াক পৃথক কৰিব পৰা নাযায় ৷
এই কাৰণসমূহৰ বাবেই গান্ধীজীয়ে সত্যতা ৰক্ষাৰ ক্ষেত্ৰত সৰ্বদা নিজৰ জীৱন উৎসৰ্গা কৰিবলৈ প্ৰস্তুত আছিল৷ আচাৰ্য জে বি ক্ৰিপ্লানি, যি গান্ধীজীৰ কৌশলসমূহৰ ওপৰত ঘনিষ্ঠ ধাৰণা ৰাখিছিল তেখেতে কৈছিল যে, গান্ধীজীয়ে যেতিয়াই উপলব্ধি কৰিছিল যে শ্বহীদ হোৱাৰ সুযোগ ক্ষীণ হৈ পৰিছে, তেতিয়াই তেখেতে নতুন পৰিস্থিতিৰ অন্বেষণত ব্যস্ত হৈ পৰিছিল ৷
1948 চনৰ 30 জানুৱাৰীৰ আগলৈ গান্ধীজীৰ জীৱনক লৈ বহুকেইবাৰ চেষ্টা কৰা হৈছিল ৷ দক্ষিণ আফ্ৰিকাতো তেখেতক গণহত্যাৰ চেষ্টা কৰা হৈছিল কাৰণ তেখেতে এজন বৃটিছ বন্ধুক উদ্ধাৰ কৰিছিল৷ 1934 চনৰ পাছত তেখেতৰ জীৱন ধাৰাবাহিকভাৱে সংকটাপন্ন হৈ পৰিছিল ৷ হত্যাৰ কেইদিনমান পূৰ্বেই তেখেতে এই সত্যটো স্বীকাৰ কৰি লৈছিল যে এতিয়া ভাৰতবৰ্ষক তেখেতৰ নহয় তেখেতৰ প্ৰাণৰহে প্ৰয়োজন ৷
জীৱনত নানান শংকাৰ মুখামুখি হোৱা সত্বেও গান্ধীজীয়ে কোনো ব্যক্তিগত সুৰক্ষাৰ পৰা আতৰত থাকি 1944 চনতো 125 বছৰ জীয়াই থাকিব বিছাৰিছিল ৷ স্পষ্টভাৱেই তেখেতৰ মৃত্যুৰ কোনো ভয় নাছিল ৷ এই নিৰ্ভীকতাৰ বাবেই তেখেতে যথেষ্ট সংখ্যক বিতৰ্কিত সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ হৰিজন যাত্ৰাৰ পৰা আৰম্ভ কৰি 1946 চনৰ পাছত সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে সংগ্ৰামত গান্ধীজীয়ে অকলে খোজ কঢ়িবলৈও দ্বিধাবোধ কৰা নাছিল ৷
হিন্দুসকলৰ জীৱন ৰক্ষাৰ বাবে গান্ধীজীয়ে নোৱাখালী গাঁৱত এটি সৰু দল লৈ আহিছিল৷ জনতাৰ ওপৰত তেখেতৰ নৈতিক প্ৰভাৱ এনেদৰে পৰিছিল যে তেওঁলোকে তাক উপেক্ষা কৰিব পৰা নাছিল বা তেখেতে যি কৰিবলৈ কৈছিল সেয়া খণ্ডন কৰিব নোৱাৰিছিল ৷ এইটোৱেই গান্ধীজীক ‘মহাত্মা’ হিচাপে ৰূপান্তৰিত কৰিছিল যি জীৱন আৰু মৃত্যু উভয়কে চিৰন্তন সত্য হিচাপে স্বীকাৰ কৰি নিজকে সকলো ভয়ৰ পৰাই মুক্ত কৰিছিল ৷
সৌৰভ বাজপেয়ী