নিউজ ডেস্ক,২৬ জুন : বিহাৰৰ মুজফ্ফৰপুৰত অব্যাহত আছে 'একিউট এনকেফেলাইটিছ ছিনড্ৰম'ত আক্ৰান্ত হৈ মৃত্যু হোৱা শিশুৰ সংখ্যা। মঙলবাৰে লাভ কৰা তথ্য অনুসৰি,মুজফ্ফৰপুৰৰ লগতে বিহাৰৰ চুবুৰীয়া জিলা সমূহত বৰ্তমানলৈকে ১৯০ জনকৈ শিশুৱে ৰোগত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লৈছে।
ইয়াৰোপৰি,৭ জনকৈ নতুন ৰোগীকো মুজফ্ফৰপুৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ খবৰ লাভ কৰা হৈছে। উল্লেখ্য যে,স্থানীয় লোকসকলৰ মাজত 'চমকী' হিচাপে পৰিচিত ৰোগ বিধৰ ফলত জ্বৰৰ লগতে বমি,স্মৃতি শক্তি হেৰুৱাই পেলোৱা,মূৰৰ বিষ আদি অনুভৱ কৰে।