নিউজ ডেস্ক, 21 আগষ্টঃ জম্মু-কাশ্মীৰত বুধবাৰে প্ৰশাসনে উঠাই লৈছে দিনৰ ভাগত জাৰি কৰা নিষেধাজ্ঞা ৷ বিদ্যালয়কে ধৰি অন্যান্য অনুষ্ঠান-প্ৰতিষ্ঠানসমূহ মুকলি কৰা হয় যদিও বিদ্যালয়ত শিক্ষাৰ্থীৰ উপস্থিতি তেনেই সেৰেঙা পৰিলক্ষিত হয় ৷
কাশ্মীৰকে ধৰি শ্ৰীনগৰৰ পৰা উঠাই লোৱা হয় প্ৰশাসনে জাৰি কৰা নিষেধাজ্ঞা ৷ বিভিন্ন স্থানত প্ৰশাসনৰ তৰফৰ পৰা লগোৱা বেৰিকেডসমূহো আতৰাই দিয়া হয় ৷ আইন-শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ প্ৰশাসনে নিৰাপত্তা বাহিনীসমূহক বিভিন্ন স্থানত মোতায়েন কৰি ৰাখিছে ৷
সোমবাৰে ৰাজ্যিক প্ৰশাসনে বিদ্যালয়সমূহ মুকলি কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰিছিল ৷ পৰৱৰ্তী সময়ত বিদ্যালয়সমূহ মুকলি কৰা হৈছিল যদিও বিদ্যালয়ত শিক্ষাৰ্থীৰ উপস্থিতি তেনেই সেৰেঙা পৰিলক্ষিত হোৱাৰ লগতে অন্যান্য প্ৰতিষ্ঠানসমূহো বন্ধ হৈ থাকে ৷ কিন্তু প্ৰশাসনৰ তৰফৰ পৰা বিদ্যালয়সমূহ মুকলি কৰিবলৈ সকলোধৰণৰ সুবিধা প্ৰদান কৰিবলৈ আশ্বাস প্ৰদান কৰি অহা হৈছে ৷ প্ৰশাসনে প্ৰকাশ কৰা তথ্য অনুসৰি, 22খন জিলাৰ ভিতৰত 12 খনেই সাধাৰণ অৱস্থাত আছে ৷ শ্ৰীনগৰৰ লাল চ'কত থকা ঘেৰাবন্দী 15 দিনৰ পিচত আজি উঠাই লোৱা হয় ৷