ETV Bharat / bharat

২০২১ চনতো মহামাৰীৰ বিৰুদ্ধে সাৱধনতা অৱলম্বন কৰিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ

author img

By

Published : Dec 31, 2020, 5:36 PM IST

COVID-১৯ৰ টীকাকৰণ প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পিছতো সাৱধনতা অৱলম্বন কৰিবলৈ দেশবাসীক আহ্বান জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । বৃহস্পতিবাৰে গুজৰাটৰ ৰাজকোটত AIIMSৰ আধাৰশিলা স্থাপন কৰি মহামাৰীৰ সংক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰিবলৈ ৰাইজক আহ্বান জনালে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

সাৱধনতা অৱলম্বন কৰিবলৈ আহ্বান
সাৱধনতা অৱলম্বন কৰিবলৈ আহ্বান

নেশ্যনেল ডেস্ক, ৩১ ডিচেম্বৰ : বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ ৰাজকোটত অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চায়েন্সৰ আধাৰশিলা স্থাপন কৰে । ভিডিঅ' কনফাৰেন্সিংযোগে আজিৰ অনুষ্ঠানত অংশ লৈ নৱবৰ্ষত COVID-১৯ৰ টীকাকৰণ প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পিছতো সতৰ্কতা অৱলম্বন কৰিবলৈ দেশবাসীক আহ্বান জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে । চৰকাৰে COVID-১৯ৰ সংক্ৰমণ ৰোধৰ বাবে নিৰ্ধাৰণ কৰা স্বাস্থ্যবিধি মানি চলিবলৈ অনুৰোধ জনায় ।

অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চায়েন্সৰ আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, দেশত COVID-১৯ৰ নতুন ষ্ট্ৰেইনৰ দ্বাৰা সংক্ৰমিত হোৱা লোকৰ সংখ্যা ক্ৰমাৎ হ্ৰাস পাইছে । তথাপিও মই সদায়ে কৈ আহিছো যে, যেতিয়ালৈকে প্ৰতিষেধক নাই, তেতিয়ালৈকে হেমাহি কৰাও উচিত নহয় । কিন্তু এতিয়া ২০২১ চনত আমাৰ মূলমন্ত্ৰ হ'ব লাগে যে, প্ৰতিষেধকো ব্যৱহাৰ কৰিব লাগিব আৰু সাৱধনতাও অৱলম্বন কৰিব লাগিব ।

দেশত ইতিমধ্যে টীকাকৰণ প্ৰক্ৰিয়াৰ বাবে ড্ৰাই ৰান সম্পন্ন হৈছে । দেশবাসীক ভাৰতত প্ৰস্তুত কৰা COVID-১৯ৰ প্ৰতিষেধক দিয়া হ'ব বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । লগতে তেওঁ কয় যে, ভাৰত এতিয়া বৈশ্বিক স্বাস্থ্য ক্ষেত্ৰৰ কেন্দ্ৰস্থল হৈ পৰিছে আৰু চৰকাৰে এতিয়া দেশৰ চিকিৎসা শিক্ষাৰ উন্নয়ন সাধনৰ বাবে কাম কৰি আছে । ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ গঠনৰ পিছতে চিকিৎসা শিক্ষাৰ মান আৰু পৰিসংখ্যা উন্নীত হ'ব বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে ।

প্ৰধানমন্ত্ৰী মোদীয়ে আয়ুস্মান ভাৰতৰ প্ৰসংগ উত্থাপন কৰি কয় যে, দেশৰ দৰিদ্ৰ লোকৰ প্ৰায় ৩০,০০০ কোটি টকা আয়ুস্মান ভাৰত আঁচনিৰ জৰিয়তে ৰাহি হৈছে । দৰিদ্ৰ ৰোগীৰ অসুখৰ সময়ত জন ঔষধি কেন্দ্ৰই বন্ধুৰ দৰে দায়িত্ব পালন কৰি আহিছে । দেশৰ ভিন্ন প্ৰান্তত থকা ৭ হাজাৰৰো অধিক জন ঔষধি কেন্দ্ৰই ৯০ শতাংশ কম দৰত দৰিদ্ৰ লোকক ঔষধ যোগান ধৰি আহিছে । যোৱা ৬টা বছৰ কেন্দ্ৰীয় চৰকাৰে ১০ খন AIIMSৰ নিৰ্মাণৰ কাম কৰি আছে বুলিও প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে ।

লগতে পঢ়ক:পঞ্জাৱত ম'বাইল টাৱাৰ ধ্বংসক লৈ কঠোৰ ৰাজ্য়পাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.