ETV Bharat / bharat

প্ৰচণ্ড শীতকো নেওচি কৰ্তব্য সমাপন কৰিছে আইটিবিপিয়ে - DIG G C Purohit

চীনৰ সৈতে উদ্ভৱ হোৱা পৰিস্থিতিৰ মাজতো প্ৰকৃত নিয়ন্ত্ৰণৰেখাৰ দায়িত্বত থকা আইটিবিপি, ভাৰত তিব্বত সীমান্ত আৰক্ষীয়ে নিজৰ কৰ্তব্য সুচাৰুৰূপে পালন কৰি গৈছে ৷ প্ৰচণ্ড শীতত বৰফৰ মাজতো এইসকল হিমবীৰে নিজৰ দায়িত্ব পালন কৰি গৈছে ৷ ইটিভি ভাৰতৰ বিশেষ প্ৰতিবেদন ৷

প্ৰচণ্ড শীতকো নেওচি কৰ্তব্য সমাপন কৰিছে আইটিবিপিয়ে

author img

By

Published : Jan 7, 2021, 3:53 PM IST

তেজপুৰ, 7 জানুৱাৰী : বিগত সময়চোৱাত সৰহ সংখ্যক দিনেই লাডাখত ভাৰতীয় সেনাই চীনা সৈন্যৰ লগত মুখামুখি হৈ থকাৰ সময়তে ভাৰত-চীন সীমান্তৰ অৰুণাচল প্ৰদেশৰ পশ্চিম দিশে আইটিবিপিৰ সৰহ সংখ্যক জোৱানে প্ৰচণ্ড শীতকো নেওচি দেশৰ অখণ্ডতাৰ প্ৰতীক হিচাপে অহনিৰ্শে দায়িত্ব তথা কৰ্তব্যত নিয়োজিত হৈ আছে ।

প্ৰচণ্ড শীতকো নেওচি কৰ্তব্য সমাপন কৰিছে আইটিবিপিয়ে
ভাৰত-তিব্বত-চীন সীমান্তৰ দুৰ্গম পাহাৰত আইটিবিপি জোৱান

আইটিবিপিৰ উত্তৰ পাৰৰ লগতে সীমান্তৰ দায়িত্বত থকা তেজপুৰস্থিত মুখ্য কাৰ্যালয়ৰ উপ মহাপৰিদৰ্শক জি চি পুৰোহিতৰ লগত হোৱা ইটিভি ভাৰতৰ এক বিশেষ সাক্ষাৎকাৰত বিষয়াগৰাকীয়ে কয় যে, আইটিবিপি সীমান্তত সদায় প্ৰস্তুত থাকে এইয়া কোনো নতুন কথা নহয় । পৰিস্থিতি যি নহওক আইটিবিপি সীমান্তৰ বাবেই নিয়োজিত আৰু সীমান্তৰ দায়িত্ব পালনৰ বাবে সদায় প্ৰস্তুত ।

এলএমজিৰ সৈতে সীমান্তত পহৰাৰত এগৰাকী আইটিবিপি জোৱান

অৰুণাচল প্ৰদেশৰ পশ্চিম দিশত টাৱাং ছেক্টৰৰ বিভিন্ন ক্ষেত্ৰৰ প্ৰচণ্ড শীত আৰু অলপতে আৰম্ভ হোৱা বৰফৰ মাজত জোৱানসকলে জাগ্ৰত প্ৰহৰীৰ দৰে ঠিয় হৈ আছে । আইটিবিপিৰ 55 নং বাহিনীৰ কামাণ্ডাৰ আই বি ঝা সীমান্তৰ দায়িত্বত আছে আৰু গালোৱান ঘাটিৰ প্ৰত্যুত্তৰ দিবলৈ আইটিবিপিয়ে সেনাৰ সৈতে স্পৰ্শকাতৰ অঞ্চলত অৱস্থান কৰি আছে বুলি জানিবলৈ দিয়ে ।

পেৰাছ্য়ুটৰ সহায়ত পাহাৰত স্থাপন কৰা আইটিবিপিৰ ঘাটি

ইতিমধ্যে বেইজিঙৰ পৰা প্ৰকাশিত সংবাদ মাধ্যমে উল্লেখ কৰা অনুসৰি চীনা সেনাৰ মুৰব্বী তথা ৰাষ্ট্ৰপতি ঝী জিনপিঙে সামৰিক বাহিনীক যি কোনো সময়তে যি কোনো পৰিস্থিতিৰ বাবে প্ৰস্তুত হৈ থাকিবলৈ নিৰ্দেশ জাৰি কৰাৰ লগতে সীমান্তত অধিক পৰিমানে টেংক নিয়োগ কৰিছে ৷ তাৰ বিপৰীতে ভাৰতেও সীমান্তত অত্যাধিক সেনাবাহিনীৰ মোটায়েন বাহাল ৰাখিছে । বৰ্তমানলৈকে ভাৰতীয় সেনা আৰু চীনা পিএলএৰ কামাণ্ডাৰ পৰ্যায়ৰ বহুকেইখন বৈঠকৰ সমাপ্তি ঘটিছে যদিও সীমা সমস্যাৰ সমাধান হোৱা নাই ৷ সমগ্ৰ অঞ্চলটোত অত্যাধিক সেনা বাহিনীৰ মোটায়েন আৰু তাৰ মাজতে আইটিবিপিৰ জোৱানে এইদৰে পহৰা দি থকা বুলি জানিব দিয়ে উপ মহাপৰিদৰ্শক পুৰোহিতে ।

দুৰ্গম অঞ্চলত থকা নদী ৰচীৰে পাৰ হোৱা অৱস্থাত আইটিবিপি জোৱান

উল্লেখযোগ্য যে, অৰুণাচল প্ৰদেশৰ প্ৰায় 80 কিলোমিটাৰ সীমান্তৰ ভিতৰত আইটিবিপিৰ জোৱান কৰ্তব্যত নিয়োজিত হৈ সদায় থাকে যদিও গালৱান কাণ্ডৰ পিছতে ভাৰত চৰকাৰৰ গৃহ বিভাগৰ নিৰ্দেশত অতিৰিক্ত আইটিবিপিৰ দল অৰুণাচল প্ৰদেশৰ সীমান্তত মোটায়েন কৰা হৈছে । পুৰোহিতে ইটিভি ভাৰতক জনোৱা অনুসৰি টাৱাং ছেক্টৰৰ প্ৰায় 15,500 ফুট উচ্চতাত জোৱানসকলৰ বাবে খাদ্য-ৰছড-পাতি, কিছুসময়ত স্থানীয় য়াকৰ জৰিয়তেই নিবলগীয়া হয়, কিন্তু সকলো বস্তু সময়মতে পাই আছে বাহিনীটোৱে, তাৰ বাবে কোনো অসুবিধাৰ সন্মুখীন হোৱা নাই ৷

আইটিবিপিৰ ডিআইজিৰ ইটিভি ভাৰতৰে বাৰ্তালাপ

বৰফৰ মাজত বগা ৰঙৰ পোছাক আৰু পেৰাছ্যুট, চকুৰ সুৰক্ষাৰ বাবে গগলছ, বহু সময়ত এই জোৱানসকলে য়াকৰ পিঠিত সামগ্ৰী বোজা কৰি সীমান্তৰ শেষ ঘাটিলৈ প্ৰেৰণ কৰে । আনহাতে পাহাৰৰ নামনিত পেৰাছ্যুটৰ তম্বুৰে আইটিবিপিৰ কেম্প স্থাপন কৰা বুলিও বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ৷ তেজপুৰৰ ঘাটিৰ পৰা পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং লৈ 360 কিলোমিটাৰ দূৰত্ব আৰু সীমান্তৰ বাবে এক সুকীয়া সুকীয়া দূৰত্বত এই কেম্পসমূহ স্থাপন কৰা হৈছে । সৰু সৰু নদীসমূহ পাৰ হোৱাৰ বাবে ৰছী ব্যৱহাৰ কৰি আহিছে আইটিবিপিৰ জোৱান সকলে ৷ জোৱানসকলে নদী পাৰ হোৱা এই দৃশ্য আইটিবিপিৰ দ্বাৰা কেমেৰাত বন্দী কৰে যাতে আন সকলো জোৱানৰ কৰ্মোৎসাহ দুগুণ বৃদ্ধি পায় । এককথাত অৰুণাচল প্ৰদেশৰ টাৱাংৰ ভাৰত-চীন-তিব্বত সীমান্তত বৰ্তমান দুগুণ উৎসাহৰে নিয়োজিত হৈছে ভাৰত তিব্বত সীমান্ত আৰক্ষী বাহিনী ।

লগতে পঢ়ক : অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চল পৰিদৰ্শন চিডিএছ বিপিন ৰাৱাটৰ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.