নিউজ ডেস্ক, 6 মে': দেশত চলি থকা লক ডাউনৰ সময়ত আদালতত বিচাৰাধীন হৈ থকা গোচৰ এটাত অভিযুক্ত 13 জন কয়দীয়ে কাৰাগাৰ ভাঙি পলায়ন কৰে । গুজৰাটৰ দাহদ জিলাৰ উপ কাৰাগাৰত 1 মে'ত সংঘটিত হৈছিল এই ঘটনা । পলায়ন কৰা কয়দী 13 জনৰ ভিতৰত বিগত দুদিনত 9 জনক পুনৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী ।
পুণৰ কৰায়ত্ব কৰা কয়দী সকলৰ মাজত পাঁচজন হত্যাৰ অভিযোগত, 2 জন লুটৰ অভিযোগত, আৰু 1 জনকৈ ধৰ্ষণ আৰু ডকাইতিৰ অভিযোগত অভিযুক্ত ।
এই অভিযুক্ত সকলে 1 মে'ৰ নিশা 3 মান বজাত কাৰাগাৰৰ বিষয়া সকলৰ কোঠাত বাহিৰৰ পৰা তলা লগাই জেলৰ পৰা পলায়ন কৰি সম্পৰ্কীয়ৰ ঘৰত গৈ লুকাই আছিল ।