ETV Bharat / bharat

লক ডাউনঃ দেশৰ বিভিন্ন চহৰ-মহানগৰত থকা প্ৰবাসী শ্ৰমিকৰ শেহতীয়া পৰিস্থিতি - লক ডাউন

লক ডাউনৰ নিৰ্দেশনাকো অমান্য কৰি স্ব-গৃহলৈ যাবলৈ ৰাজপথ অথবা বাছ ষ্টেণ্ড সমূহত ভিৰ কৰিছেহি হাজাৰ হাজাৰ লোকে ৷ আনকি যাতায়াতৰ একো সুবিধা নাপাই একাংশই খোজ কাঢ়িয়েই এখন ৰাজ্যৰ পৰা আনখন ৰাজ্যত থকা নিজৰ ঘৰলৈ বুলি ঢাপলি মেলিছে ৷

Currnet status of the migrant workers of the country during lockdown
লক ডাউনঃদেশৰ বিভিন্ন চহৰ-মহানগৰত থকা প্ৰবাসী শ্ৰমিকৰ শেহতীয়া পৰিস্থিতি
author img

By

Published : Mar 30, 2020, 11:34 AM IST

নিউজ় ডেস্ক,30 মাৰ্চঃ মাৰাত্মক কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশজুৰি কাৰ্যকৰী হোৱাকৈ ঘোষণা কৰা 21 দিনীয়া লক ডাউনৰ পাছতে দেশজুৰি স্তব্ধ হৈ পৰিছে কল-কাৰখানাৰ কাম-কাজ, বন্ধ হৈ পৰিছে যাতায়াত ব্যৱস্থা ৷

বিশেষকৈ এই ক্ষেত্ৰত গভীৰ সমস্যাত পৰিছে দেশৰ বিভিন্ন চহৰত কৰ্মসুত্ৰে থকা প্ৰবাসী শ্ৰমিক সকল ৷

খাদ্য সংকটৰ পৰা আদি কৰি কাম-কাজ বন্ধ হৈ থকাৰ ফলত উপাৰ্জনৰ উৎস বন্ধ হৈ পৰাত এতিয়া আতংকিত হৈ পৰিছে শ্ৰমিক সকল ৷ যাৰ ফলস্বৰূপে এতিয়া লক ডাউনৰ নিৰ্দেশনাকো অমান্য কৰি স্ব-গৃহলৈ যাবলৈ ৰাজপথ অথবা বাছ ষ্টেণ্ড সমূহত ভিৰ কৰিছেহি হাজাৰ হাজাৰ লোকে ৷ আনকি যাতায়াতৰ একো সুবিধা নাপাই একাংশই খোজ কাঢ়িয়েই এখন ৰাজ্যৰ পৰা আনখন ৰাজ্যত থকা নিজৰ ঘৰলৈ বুলি ঢাপলি মেলিছে ৷ ইতিমধ্যে দিল্লী চৰকাৰে দিল্লীত থকা প্ৰবাসী শ্ৰমিকসকলক য'তে আছে তাতে থাকিবলৈ অনুৰোধ জনাইছে ৷ দিল্লী চৰকাৰে এই লোক সকলৰ বাবে খোৱা-বোৱাৰ ব্যৱস্থা কৰা বুলি ইতিমধ্যে সদৰি কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ৷

অন্যহাতে কৰ্ণাটক চৰকাৰে মহাৰাষ্ট্ৰত শ্ৰমিক হিচাপে কৰ্মৰত 2442 গৰাকী লোকক 62 খন বাছৰ জৰিয়তে দেওবাৰে স্ব-ৰাজ্যলৈ উভতাই আনিছে ৷

ঠিক একেদৰে দেশৰ অন্যান্য চহৰ সমূহত থকা বহু শ্ৰমিকে এতিয়াও নিজৰ ৰাজ্য চৰকাৰ সমূহক উদ্ধাৰৰ বাবে অনুৰোধ জনাই আছে ৷ অসমৰো বহু প্ৰবাসী শ্ৰমিক দেশৰ বিভিন্ন চহৰত আৱদ্ধ হৈ অসম চৰকাৰক উদ্ধাৰৰ বাবে অনুৰোধ জনাই থকা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক-ইৰাণত 1 লাখ কয়দীক সাময়িকভাৱে কাৰাগাৰৰ পৰা মুকলি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.