নেশ্যনেল ডেস্ক, 6 জুন : ভাৰত-চীনৰ উচ্চ পৰ্যায়ৰ সামৰিক বাহিনীৰ প্ৰতিনিধি দলে আজি এক বৈঠকত মিলিত হ'ব ৷ এই সময়ছোৱাত কোনো সংবাদ মাধ্যমকে কাল্পনিক আৰু ভিত্তিহীন বাতৰি প্ৰকাশ নকৰিবলৈ আহ্বান জনোৱা হৈছে ৷ ভাৰতীয় সেনাই এক বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰে এই কথা ৷
নিয়ন্ত্ৰণ ৰেখাত (Line of Control) এমাহ জোৰা উদ্বিগ্নতাৰ মীমাংসা কৰাৰ উদ্দেশ্যে এই বৈঠকৰ আয়োজন কৰা হৈছে ৷ হিমালয়ৰ সীমান্তত সংঘাতৰ সৃষ্টি হোৱাৰ পাচতে শুকুৰবাৰে দুয়ো দেশৰ বৈদেশিক মন্ত্ৰণালয়ৰ বিষয়ববীয়াই বিভিন্ন বিষয় সম্পৰ্কত আলোচনা কৰাৰ এদিন পাচতে এই বৈঠকৰ আয়োজন কৰা হৈছে ৷
শুকুৰবাৰৰ আলোচনাচক্ৰত দুয়ো পক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছিল যে, দুয়ো দেশে শান্তিপূৰ্ণভাৱে আলোচনাৰ মাধ্যমেৰে সমস্যাৰ সমাধান কৰাৰ লগতে দুয়ো দেশৰে প্ৰয়োজনীয়তা, সংবেদনশীলতা আৰু ইচ্ছাক সন্মান জনাব ৷
শনিবাৰে দুয়ো দেশৰ সামৰিক বাহিনীৰ বিষয়ববীয়াই একেলগে পুৱাৰ আহাৰ গ্ৰহণ কৰাৰ পাচতে এক অনানুষ্ঠানিক বৈঠকত অংশগ্ৰহণ কৰিব ৷ ইয়াৰ পাচতে প্ৰতিনিধি পৰ্যায়ৰ আনুষ্ঠানিক বৈঠক অনুষ্ঠিত হ'ব ৷
বৈঠকৰ স্থান -
এই বৈঠকৰ আয়োজন কৰা হ'ব চীনা পক্ষৰ চুছুল মল্ডো সীমান্তত ৷
প্ৰতিনিধি দল -
ভাৰতৰ প্ৰতিনিধি দলত থাকিব লেফটেনেন্ট জেনেৰেল হৰিন্দৰ সিং, 14 কৰ্পছৰ কমাণ্ডাৰ আৰু 10 গৰাকী অন্যান্য বিষয়া ৷ আনহাতে, চীনা পক্ষৰ প্ৰতিনিধি দলত উপস্থিত থাকিব মেজৰ জেনেৰেল লিন লিউ, কৰ্পছ কমাণ্ডাৰ, ছাউথ ঝিনজিয়াং মিলিটেৰী ডিভিজন আৰু পিপলছ লিবাৰেছন আৰ্মীৰ 10 গৰাকী বিষয়া ৷
উল্লেখ্য যে, যোৱা মাহত ছিক্কিম আৰু লাডাখ ছেক্টৰৰ LAC ত ভাৰত আৰু চীনৰ সৈন্যৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছিল ৷ এই সম্পৰ্কত পূৰ্বেও সৈন্য বাহিনীয়ে বহুকেইখন বৈঠকৰ আয়োজন কৰিছিল যদিও বিবাদ মীমাংসা কৰিবলৈ সক্ষম হোৱা নাছিল ৷