নিউজ ডেস্ক , ২১ জানুৱাৰী : কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিছ বাহিনী (চিআৰপিএফ)ৰ সঞ্চালক প্ৰধান এ পি মহেশ্বৰীয়ে বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰে । চিআৰপিএফ বাহিনীৰ যোৱা বছৰটোৰ সফলতা সন্দৰ্ভত এই সংবাদমেলৰ আয়োজন কৰে সঞ্চালক প্ৰধান গৰাকীয়ে । সংবাদমেলত তেওঁ জনোৱা মতে বিগত বছৰটোত জম্মু-কাশ্মীৰত হিজবুল মোজাহিদিনৰ কমাণ্ডৰ ৰিয়াজ নাইকো সহ প্ৰায় ২১৫ জন সন্ত্ৰাসবাদী নিহত হৈছে চিআৰপিএফৰ হাতত । সফালতাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে, ২০২০ চনত মাওবাদী অধ্য়ুষিত অঞ্চলত অভিযান চলাই চিআৰপিএফে ৩২ জন মাওবাদীক হত্য়া কৰাৰ লগতে ৫৬৯ জনক গ্ৰেপ্তাৰ কৰিছে আৰু ৩৪০ জন মাওবাদীয়ে আত্মসমৰ্পন কৰিছে ।
আনহাতে কোবৰা বাহিনীৰ হাতত ৭ জন মাওবাদী নিহত হোৱাৰ লগতে এল ডব্লিউ ই অঞ্চলত ৩০০ ৰো অধিক আইইডি উদ্ধাৰ কৰিছে কোবৰা বাহিনীয়ে । লগতে তেওঁ উল্লেখ কৰে যে কোবৰা বাহিনীত মহিলা সদস্য় অন্তৰ্ভুক্তিৰ বিষয়েও বৰ্তমান চিন্তা চৰ্চা কৰি থকা হৈছে । সমান্তৰালকৈ মাওবাদী অধ্য়ুষিত অঞ্চল আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য়সমূহত সন্ত্ৰাসবাদী নিৰ্মূলৰ বাবে কোবৰা বাহিনীক নিয়োগ কৰা হৈছে বুলিও তেওঁ জনায় ।
ভিআইপিৰ সুৰক্ষাৰ ক্ষেত্ৰটো বিশেষ ভুমিকা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে সঞ্চালক প্ৰধান গৰাকীয়ে । সমগ্ৰ ভাৰততে ৬২ গৰাকী সুৰক্ষা কৰ্মী আছে আৰু নয়দা অঞ্চলত সুৰক্ষা কৰ্মীৰ বাবে বিশেষ সুৰক্ষা প্ৰশিক্ষণ কেন্দ্ৰ থকাৰ কথাও ব্য়ক্ত কৰে সঞ্চালক প্ৰধান এ পি মহেশ্বৰীয়ে । সুৰক্ষা ব্য়ৱস্থাৰ উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব দিয়াৰ লগতে সৰ্বশ্ৰেষ্ঠ সুৰক্ষা বল এছপিজিকো চিআৰপিএফৰ অধীনত সন্নিবিষ্ট কৰাৰ কথা কয় এ পি মহেশ্বৰীয়ে ।
বাৰ্ষিক সংবাদমেলত তেওঁ কয় যে চিআৰপিএফৰ কে-৯ দলক শক্তিশালী কৰাৰ উদ্দেশ্য়ে বেঙ্গালুৰুত কুকুৰৰ প্ৰজনন আৰু প্ৰশিক্ষণ কেন্দ্ৰও আছে । কেনাইন স্কোৱাডক শক্তিশালী কৰাৰ উদ্দেশ্য়ে তিনিটা স্থানীয় প্ৰজাতিৰ কুকুৰকো প্ৰশিক্ষণ প্ৰদান কৰা হ'ব বুলি সংবাদমেলত জনাই চিআৰপিএফৰ সঞ্চালক প্ৰধান এ পি মহেশ্বৰীয়ে ।
লগতে পঢ়ক :দুৰৱৰ্তী গ্ৰাহক ক্ষমতাসম্পন্ন য়াওগান-33 কৃত্ৰিম উপগ্ৰহ উৎক্ষেপন চীনৰ