নিউজ ডেস্ক, ২০ এপ্ৰিলঃ কৰ'ণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখিয়ে দেশত এতিয়া দ্বিতীয়টো লকডাউন অব্যাহত আছে । লকডাউনৰ মাজতেই বহু দৰিদ্ৰ লোক সন্মুখীন হৈছে খাদ্য সংকটৰ । বিশেষকৈ শ্ৰমিক শ্ৰেণী লোকৰ লগতে ভিক্ষাৰী, অন্যান্য বহু দৰিদ্ৰ লোক এতিয়া অনাহাৰৰ সন্মুখীন হ'বলগীয়া হৈছে ।
লকডাউনৰ মাজতেই কৰ্ণাটকৰ গান্ধী চাৰ্কেলত দেখা পোৱা গ'ল এক হৃদয় বিদাৰক দৃশ্য । পদপথৰ কাষত দুটি সন্তানক লৈ এগৰাকী মাতৃয়ে খাদ্যৰ অভাৱত কান্দোনত ভাগি পৰা দেখিবলৈ পোৱা যায় । তিনিও বিগত কিছু দিন ধৰি একে স্থানতেই অৱস্থান কৰি আছে । পথচাৰীৰ পৰা কিছু খাদ্য সামগ্ৰী লাভ কৰিছে যদিও লকডাউনৰ মাজত নিয়মিতভাৱে খাদ্য় লাভ কৰাটো অনিশ্চিত হৈ পৰিছে মহিলাগৰাকীৰ বাবে ।
আনহাতে একে অনুৰূপ ঘটনা সংঘটিত হৈছে ৰাটনাভাত । কপাল জিলাৰ নাৰছাপুৰা গাওঁৰ এজন লোকে খাদ্য সামগ্ৰীৰ সন্ধানত ওলাই যায় যদিও একো লাভ কৰিবলৈ সমৰ্থ নহয় ।