নিউজ ডেস্ক, ২৪ জুনঃ ৪ জুনৰ পৰা দেশত পুনৰ ক্ৰিকেট খেল আৰম্ভ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে ইংলেণ্ড আৰু ৱেলছ্ ক্ৰিকেট ব'ৰ্ড চমুকৈ ইচিবিয়ে। মংগলবাৰে এই সন্দৰ্ভত ইচিবিয়ে মন্তব্য প্ৰকাশ কৰিছে ।
"ক্ৰিকেট খেলত কোভিড-১৯ সংক্ৰমন হোৱাৰ আশংকা কম থাকে, সেয়ে জুলাই মাহলৈকে পুনৰ খেল আৰম্ভ কৰিব পৰা যায়" বুলি ইচিবিয়ে প্ৰকাশ কৰে।
ইবিচিয়ে এক অফিচিয়েল বিবৃতিযোগে উল্লেখ কৰা অনুসৰি, "আমি বিশ্বাস কৰো যে, ক্ৰিকেট এটা যোগাযোগহীন খেল, অন্যান্য খেলৰ তুলনাত কম মানুহত সংস্পৰ্শত আহি অথবা নিৰাপদে এই খেল খেলিব পৰা যায়।" সেয়েহে ৪ জুলাইৰ পৰা পুনৰ চৰকাৰৰ সৈতে মিলি ক্ৰিকেট খেল আৰম্ভ কৰাৰ বাবে ইচ্ছা প্ৰকাশ কৰিছে ইংলেণ্ড আৰু ৱেলছ্ ক্ৰিকেট ব'ৰ্ডে।

"ক্ৰিকেটৰ লগত জড়িত প্ৰতিজন লোকৰ স্বাস্থ্য আৰু সুৰক্ষাৰ ক্ষেত্ৰত প্ৰথমে অগ্ৰাধিকাৰ দিয়া হ'ব আৰু তাৰ পাছতহে দেশত পুনৰ ক্ৰিকেট খেল আৰম্ভ কৰা হ'ব" বুলি ইচিবিয়ে জানিবলৈ দিয়ে। চৰকাৰে ইয়াৰ পূৰ্বে টেনিচ আৰু বাস্কেটবলৰ লগতে অন্য বলৰ খেল (ball sport)ৰ ক্ষেত্ৰত অনুমতি প্ৰদান কৰিছিল বুলি ব'ৰ্ডে প্ৰকাশ কৰে।
উল্লেখ্য যে, মংগলবাৰে ইউ কেৰ প্ৰধানমন্ত্ৰী ব'ৰিচ জনচনে দেশখনত পুনৰ বন্ধ ঘোষণা কৰিছে । মহামাৰী কোভিড-১৯ৰ বাবে মাৰ্চ মাহৰ পৰা সকলো আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট স্থগিত ৰখা হৈছে । আগন্তুক ৮ জুলাইত ইংলেণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ মাজত তিনিখন মেচৰ টেষ্ট শৃংখলাৰে পুনৰ আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ আৰম্ভ কৰাৰ বাবে প্ৰস্তুতি অব্যাহত আছে ।