ETV Bharat / bharat

নাগৰিক সমাজৰ ওপৰত চলা এনআইএৰ অভিযানক চিপিআই (এমএল)ৰ গৰিহণা - নাগৰিক সমাজৰ ওপৰত চলা এনআইএৰ অভিযানক চিপিআই (এমএল) ৰ গৰিহণা

জম্মু আৰু কাশ্মীৰ,বাংগালুৰু আৰু দিল্লীত নাগৰিক সমাজৰ ওপৰত চলা ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা (এনআইএ) ৰ অভিযানক সাংবিধানিক ঢাল আঁতৰোৱাৰ প্ৰয়াস আখ্যা ভাৰতীয় কমিউনিষ্ট পাৰ্টীৰ ৷ মোডী চৰকাৰে মানৱাধিকাৰ ৰক্ষক, সাংবাদিক তথা নাগৰিক সকলৰ ওপৰত নিয়াক ব্যৱহাৰ কৰাৰ অভিযোগ ৷

নাগৰিক সমাজৰ ওপৰত চলা এনআইএৰ অভিযানক চিপিআই (এমএল) ৰ গৰিহণা

author img

By

Published : Oct 31, 2020, 7:32 PM IST

নেশ্যনেল ডেস্ক, 31 অক্টোবৰ : ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা (এনআইএ) এ সন্ত্ৰাসবাদীক ধনৰ যোগান ধৰাৰ অভিযোগত জম্মু আৰু কাশ্মীৰ, বাংগালুৰু আৰু দিল্লীত নাগৰিক সমাজৰ ওপৰত চলোৱা অভিযানক লৈ ভাৰতীয় কমিউনিষ্ট পাৰ্টী (মাৰ্ক্সিষ্ট -লেনিনিষ্ট) (চিপিআই (এমএল)) এ শনিবাৰে এক বিবৃতি প্ৰকাশ কৰে ৷ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাটোৰ এই অভিযানক জম্মু আৰু কাশ্মীৰৰ মানুহখিনিৰ ভালৰ বাবে মাত মতা লোকসকলৰ মাত কাঢ়ি নিয়া আৰু অত্যাচাৰ চলোৱাৰ এক স্বচ্ছ অজুহাত হিচাপে আখ্যা দিয়ে ৷

বিবৃতিটোত কোৱা হৈছে যে জম্মু কাশ্মীৰৰ মানুহখিনিৰ ওপৰত চলোৱা অত্যাচাৰৰ যাতে কোনো প্ৰমাণ নাথাকে সেই কথা সুনিশ্চিত কৰাৰ বাবে মোডী চৰকাৰে মানৱ অধিকাৰ ৰক্ষক, সাংবাদিক তথা নাগৰিক সকলৰ ওপৰত নিয়াক ব্যৱহাৰ কৰিছে ৷ তেওঁলোকে কয় যে সাংবাদিক সকলেই সত্যক উদঙাই দিয়ে , মানৱ অধিকাৰ ৰক্ষক আৰু সাংবাদিকসকলৰ গ্ৰেপ্তাৰ আৰু নিয়াৰ দ্বাৰা চলোৱা অভিযান হৈছে সাংবিধানিক ঢালখন আঁতৰোৱাৰ এক প্ৰয়াস ৷ বিবৃতিটোৰ জড়িয়তে তেওঁলোকে সকলো ভাৰতবাসীকে এই মানৱ অধিকাৰ ৰক্ষক সকলৰ হৈ থিয় দিবৰ বাবে আহ্বান জনায় ৷

লগতে পঢ়ক : জনতা কেৱল চৰকাৰী নীতি আৰু সুবিধাভোগী নহয়,ই ৰাষ্ট্ৰৰ মূল চালিকা শক্তি: মোদী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.