নিউজ ডেস্ক, ১১ জুলাইঃ অসমত বিগত ২৪ ঘণ্টাত নতুনকৈ মহামাৰী COVID-19 ত আক্ৰান্ত হৈছে ৯৩৬ গৰাকী ব্যক্তি । অসমৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে শুকুৰবাৰৰ দিনটোত নতুনকৈ ৯৩৬ গৰাকী ব্যক্তি COVID-19ত আক্ৰান্ত হয় বুলি সদৰি কৰে । আনহাতে, এই COVID-19ত আক্ৰান্ত ৯৩৬ গৰাকী ব্যক্তিৰ ভিতৰত ৫২১ গৰাকী ব্যক্তি গুৱাহাটী মহানগৰীৰ বুলিও উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই ।
বৰ্তমান পৰ্যন্ত অসমত COVID-19 ত আক্ৰান্তৰ সংখ্যা হৈছে মুঠ ১৫,৫৩৬ গৰাকী ব্যক্তি । তাৰ ভিতৰত ৫,৬৫০ গৰাকী ব্যক্তিৰ দেহত COVID-19 সক্ৰিয় হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে মুঠ ৯,৮৪৮ গৰাকী ব্যক্তি । তাৰোপৰি এই মাৰাত্মক ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ৩৫ গৰাকী ব্যক্তিৰ ।