নিউজ ডেস্ক, 16 মাৰ্চ: বিশ্বব্যাপি এতিয়াও সন্ত্ৰাসৰ কাৰক হৈ আছে মহামাৰীৰ Covid-19 ৷ ভাৰতবৰ্ষতো এই ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে ৷ বৰ্তমানলৈকে কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে 112 জনলৈ ৷ ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে সদৰি কৰে এই তথ্য ৷ ইয়াৰে 95 গৰাকী ভাৰতীয় নাগৰিক হোৱাৰ বিপৰীতে 17 গৰাকী হৈছে বিদেশী মূলৰ ৷ ভাৰতৰ মহাৰাষ্ট্ৰত সৰ্বাধিক 33 টাকৈ কৰ’ণা ভাইৰাছৰ আক্ৰান্তৰ ঘটনা পোহৰলৈ অহাৰ বিপৰীতে কেৰালাত 22 টা ঘটনা পোহৰলৈ আহিছে ৷ দেওবাৰে ইয়াৰ সংখ্যা আছিল 93 ৷
আনহাতে শনিবাৰে কেন্দ্ৰই এই ভাইৰাছক এক ‘Notified Disaster’ হিচাপে আখ্যা দিছে ৷ শেহতীয়াকৈ মহাৰাষ্ট্ৰত বহু কেইটা কৰ’ণা ভাইৰাছত সংক্ৰমিত হোৱাৰ ঘটনা পোহৰলৈ আহিছে ৷ চহৰখনত বৰ্তমালৈকে 32 গৰাকী লোকৰ দেহত ধৰা পৰিছে এই বিজাণু ৷
উল্লেখ্য যে, ভাৰতত বৰ্তমানলৈকে কৰ’ণা ভাইৰাছত দুজন ব্যক্তিৰ মৃত্যু হৈছে ৷ কৰ্ণাটকত প্ৰথমগৰাকী ৰোগীৰ মৃত্যু হোৱাৰ বিপৰীতে দ্বিতীয়গৰাকী লোকৰ মৃত্যু হৈছিল দিল্লীত ৷ কৰ্ণাটকত মৃত্যুবৰণ কৰা 76 বছৰীয়া লোকজন আছিল কালবুৰ্গী অঞ্চলৰ ৷ যোৱা 29 ফেব্ৰুৱাৰীত চৌদি আৰৱৰ পৰা ভ্ৰমণ কৰি আহিছিল লোকজনে ৷ বৃহস্পতিবাৰে কৰ্ণাটকৰ স্বাস্থ্যমন্ত্ৰী বি শ্ৰীৰামুলুৱে ব্যক্তিগৰাকীৰ দেহৰ পৰা সংগ্ৰহ কৰা নমুনাত ভাইৰাছ বিধৰ উপস্থিতিৰ কথা ধৰা পৰা বুলি ব্যক্ত কৰিছিল ৷ আনহাতে দিল্লীত মৃত্যুবৰণ কৰা লোকজন 68 বৰ্ষীয়ান এগৰাকী মহিলা ৷ এই বীজাণুৰ প্ৰাৰ্দুভাৱ ৰোধিবলৈ বৰ্তমান ভাৰত-বাংলাদেশ সীমান্তৰ মাজত বাছ-ৰে’ল সেৱা বাতিল কৰা হৈছে ৷
আনহাতে দেশৰ বিভিন্ন প্ৰান্ত চিনেমা গৃহ,স্কুল,কলেজ,বিভিন্ন শ্বপিং ম’ল বন্ধৰ নিৰ্দেশ দিয়াৰ লগতে বহু অনুষ্ঠান-প্ৰতিষ্ঠানো স্থগিত তথা বাতিল কৰা হৈছে ৷ চীনত উদ্ভৱ হোৱা এই মাৰাত্মক বিজাণু Covid-19 য়ে বৰ্তমানলৈকে প্ৰায় 170,237 লোকক আক্ৰান্ত কৰাৰ লগতে এই ভাইৰাছৰ ফলত বিশ্বত মৃত্যু হৈছে প্ৰায় 6526 লোকৰ ৷ আনহাতে বৰ্তমানলৈকে 77,788 হাজাৰ লোক আৰোগ্য হ’বলৈ সক্ষম হৈছে ৷ বৰ্তমানলৈকে প্ৰায় 137 খন দেশত বিয়পি পৰিছে এই মাৰাত্মক বিজাণু Covid-19 ৷