ETV Bharat / bharat

223 লৈ ভাৰতত বৃদ্ধি কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা - 22 মাৰ্চত জনতা কাৰ্ফিউ ঘোষণা নৰেন্দ্ৰ মোডীৰ

দেশত অব্যাহত আছে মহামাৰী কৰ’ণা ভাইৰাছৰ প্ৰভাৱ ৷ বৰ্তমানলৈকে ভাৰতত এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 223 লৈ ৷ বৰ্তমানলৈকে মৃত্যুৰ সংখ্যা 4 জনলৈ বৃদ্ধি ৷ ইতিমধ্যে যাৱতীয় ব্যৱস্থা গ্ৰহণত তৎপৰ হৈছে কেন্দ্ৰীয় চৰকাৰ লগতে ৰাজ্য চৰকাৰ সমূহ ৷ ইতিমধ্যে 22 মাৰ্চত জনতা কাৰ্ফিউ ঘোষণা কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

Covid-19, corona virus, india goes to 223,কৰ’ণা ভাইৰাছ, 223 লৈ ভাৰতত বৃদ্ধি কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা
223 লৈ ভাৰতত বৃদ্ধি কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা
author img

By

Published : Mar 20, 2020, 8:06 PM IST

নিউজ ডেস্ক, 20 মাৰ্চ: বিশ্বব্যাপী এতিয়াও সন্ত্ৰাসৰ কাৰক হৈ আছে মহামাৰীৰ Covid-19 ৷ ভাৰতবৰ্ষতো এই ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে ৷ বৰ্তমানলৈকে ভাৰতত কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে 223 জনলৈ ৷ ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে সদৰি কৰিছে এই তথ্য ৷ ইয়াৰে 191 গৰাকী ভাৰতীয় নাগৰিক হোৱাৰ বিপৰীতে 32 গৰাকী হৈছে বিদেশী মূলৰ ৷ আনহাতে 4 গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে 23 গৰাকী লোক আৰোগ্য হৈছে ভাৰতত ৷

ভাৰতৰ মহাৰাষ্ট্ৰত বৰ্তমানলৈকে সৰ্বাধিক 49 টাকৈ কৰ’ণা ভাইৰাছৰ আক্ৰান্তৰ ঘটনা পোহৰলৈ অহাৰ বিপৰীতে কেৰালাত 26 টা ঘটনা পোহৰলৈ আহিছে ৷ আনহাতে উত্তৰ প্ৰদেশত 22 গৰাকী লোক আক্ৰান্ত হৈছে এই ভাইৰাছত ৷

ভাৰতেই এই ভাইৰাছক এক ‘Notified Disaster’ হিচাপে আখ্যা দিছে ৷ চীনত উদ্ভৱ হোৱা এই মাৰাত্মক বীজাণু Covid-19 য়ে বৰ্তমানলৈকে প্ৰায় 254,701 গৰাকী লোকক আক্ৰান্ত কৰাৰ লগতে এই ভাইৰাছৰ ফলত বিশ্বত মৃত্যু হৈছে প্ৰায় 10,447 গৰাকী লোকৰ ৷ আনহাতে বৰ্তমানলৈকে 99,071 হাজাৰ লোক আৰোগ্য হ’বলৈ সক্ষম হৈছে ৷ বৰ্তমানলৈকে প্ৰায় 163 খনতকৈও দেশত বিয়পি পৰিছে এই মাৰাত্মক বীজাণু Covid-19 ৷

লগতে চাওক- ক'ভিড-১৯ৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে ভাৰতৰ বহুস্তৰীয় অনলাইন সন্মিলন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.