ETV Bharat / bharat

কোভিড-19য়ে সকলোকে ইকমাৰ্চৰ দিশে গতি কৰাইছে

author img

By

Published : Jun 13, 2020, 11:40 PM IST

এক সমীক্ষা মতে, 36 শতাংশ লোকে তেওঁলোকৰ প্ৰয়োজনীয় সামগ্ৰীৰ অৰ্ডাৰ ইকমাৰ্চ যোগে দিয়া পৰিলক্ষিত হৈছে । আনহাতে 23 শতাংশই তেওঁলোকৰ কিছু সংখ্যক অৰ্ডাৰ ইকমাৰ্চ যোগে দিছে যদিও শীঘ্ৰে আৰু অধিক অৰ্ডাৰ দিয়াৰ ইংগিত পোৱা গৈছে । এই সময় চোৱাত সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ উদ্দেশ্য আৰু বাহিৰা মানুহৰে সম্পৰ্ক কম কৰাৰ লক্ষ্যৰে ইকমাৰ্চ তথা স্থানীয় খুচুৰা বিক্ৰেতাৰ জৰিয়তে তেওঁলোকৰ দুৱাৰ মুখতে নিত্য ব্যৱহাৰ্য সামগ্ৰী পোৱাৰ বাবে অধিকাংশই এই ব্যৱস্থা গ্ৰহন কৰা দেখা গৈছে ।

Covid-19 spike pushing people towards ecommerce: Survey
ক'ভিড-১৯ য়ে সকলোকে ইকমাৰ্চৰ দিশে গতি কৰাইছে

নিউজ ডেস্ক, ১৩জুন: লোকেল চাৰ্কল নামৰ সংস্থাৰ এক সমীক্ষা মতে, দেশত বৃদ্ধি পাই অহা কোভিড 19ৰ সংক্ৰমনৰ প্ৰতি লক্ষ্য ৰাখি অধিকাংশ লোকে ইকমাৰ্চৰ দৰে ডিজিটেল মাধ্যমৰ সহায়ত সহজতে ঘৰতে উপলব্ধ হ'ব পৰাকৈ সামগ্ৰীৰ অৰ্ডাৰ দিয়া পৰিলক্ষিত হৈছে । সমীক্ষাটোৰ মতে 36 শতাংশ লোকে তেওঁলোকৰ প্ৰয়োজনীয় সামগ্ৰীৰ অৰ্ডাৰ ইকমাৰ্চ যোগে দিয়াৰ বিপৰীতে 23 শতাংশই তেওঁলোকৰ কিছু সামগ্ৰীৰ অৰ্ডাৰ ইকমাৰ্চ যোগে দিছে যদিও শীঘ্ৰে আৰু অধিক অৰ্ডাৰ দিয়াৰ ইংগিত পোৱা গৈছে ।

শেহতীয়াকৈ যোৱা তিনি সপ্তাহৰ লকডাউনৰ শিথিলকৰণ সময়চোৱাত কিছুমান অপ্ৰয়োজনীয় ইকমাৰ্চৰ বাবে 36 শতাংশ লোকে এতিয়াও এই ডিজিটেল প্ৰক্ৰিয়া যোগে অৰ্ডাৰ দিয়া হোৱা নায় । ইফালে এই সময় চোৱাত সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ উদ্দেশ্য আৰু বাহিৰা মানুহৰে সম্পৰ্ক কম কৰাৰ লক্ষ্যৰে একাংশই ইকমাৰ্চ তথা স্থানীয় খুচুৰা বিক্ৰেতাৰ জৰিয়তে তেওঁলোকৰ দুৱাৰ মুখতে নিত্য ব্যৱহাৰ্য সামগ্ৰী পোৱাৰ বাবে এই ডিজিটেল ব্যৱস্থা গ্ৰহন কৰা দেখা গৈছে ।

অধিকাংশ ইকমাৰ্চ গ্ৰচাৰি এপ্লিকেচনে তেওঁলোকৰ বিক্ৰীৰ পৰিমান অধিক ওপৰলৈ যোৱা বুলি জানিবলৈ দিছে । লকডাউনৰ সময়চোৱাত অত্যাৱশ্যকীয় সামগ্ৰীৰ বাবে এই মাধ্যমেৰে অৰ্ডাৰ দি ক্ৰয় কৰিছিল বহুসংখ্যকে । যিহেতু 17মে'ৰ পাছত চৰকাৰে অত্যাৱশ্যকীয় সামগ্ৰীসমূহ ইকমাৰ্চৰ মাধ্যমেৰে যোগানৰ অনুমতি প্ৰদান কৰিছিল ।

উল্লেখ্য যে, লোকেল চাৰ্কলৰ এই সমীক্ষাত 231খন জিলাৰ 16হাজাৰৰো অধিক লোকে ভোট প্ৰদান কৰিছিল ।

লগতে পঢ়কঃ টিচিপিএলৰ মতে ডিজিটেলি পৰিৱৰ্তনেই হ'ব কোম্পানীৰ বৃদ্ধিৰ প্ৰধানচালক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.