নিউজ ডেস্ক, ১০ এপ্ৰিলঃ ভাৰততো দেখা গৈছে বিশ্বৰ প্ৰায় ১৯৫ খন দেশত সন্ত্ৰাস সৃষ্টি কৰা কৰ'ণা ভাইৰাছ মহামাৰীৰ সংহাৰী ৰূপ । ক্ৰমান্বয়ে দেশত বৃদ্ধি পাবলৈ ধৰিছে আক্ৰান্তৰ সংখ্যা । শুকুৰবাৰৰ দিনৰ ভাগলৈ স্বাস্থ্য বিভাগৰ তথ্য় অনুসৰি দেশখনত ৬,৪১২ জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যুমুখত পৰিছে ১৯৯ গৰাকী লোক । বৰ্তমানলৈ ৫,৭০৯ টা ঘটনা সংক্ৰিয় হৈ থকাৰ বিপৰীতে ৫০৩ জন লোক আৰোগ্য হ'বলৈ সক্ষম হৈছে । ইয়াৰ ভিতৰতে আছে এজন প্ৰৱাসী । তথ্য় মতে, বৃহস্পতিবাৰৰ সন্ধিয়াৰ পৰা বৰ্তমানলৈকে ৩০ জন লোকৰ মৃত্যু হৈছে ।
![ভাৰতত COVID-১৯ৰ আক্ৰান্তৰ সংখ্যা ৬,৪১২ লৈ বৃদ্ধি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/6735273_cc.jpg)
ইপিনে অসমতো এই ভাইৰাছত বৃহস্পতিবাৰে নিশা এজন লোকৰ মৃত্যু হয় । ৰাজ্যখনত COVID-১৯ ত মৃত্যু হোৱা এইটো প্ৰথম ঘটনা । আনহাতে আক্ৰান্ত হৈছে ২৯ জনকৈ লোক । বৰ্তমানে ৰাজ্যখনত সংক্ৰিয় হৈ আছে ২৮ টা ঘটনা ।