ETV Bharat / bharat

শ্ৰমিকৰ প্ৰব্ৰজন : কেন্দ্ৰীয় চৰকাৰক প্ৰতিবেদন দাখিলৰ নিৰ্দেশ উচ্চতম ন্য়ায়ালয়ৰ - কৰ'ণা ভাইৰাছ

কেন্দ্ৰীয় চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ ৷ শ্ৰমিকৰ প্ৰব্ৰজন সম্পৰ্কত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ ৷

শ্ৰমিকৰ প্ৰব্ৰজন সম্পৰ্কত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ
কেন্দ্ৰীয় চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
author img

By

Published : Mar 30, 2020, 5:51 PM IST

নেশ্যনেল ডেস্ক, 30 মাৰ্চ : কৰ'ণা ভাইৰাছৰ ফলত সমগ্ৰ দেশতে জাৰি কৰা লকডাউনৰ ফলত প্ৰব্ৰজনকাৰী শ্ৰমিকসকলে নিজ নিজ ৰাজ্যলৈ ঘূৰি যাবলৈ বাধ্য হৈছে ৷ এই শ্ৰমিকসকলক কৰ্মৰত স্থানতে ৰাখিবলৈ কেন্দ্ৰীয় চৰকাৰে কি কাৰ্যপন্থা গ্ৰহণ কৰিছে সেই সম্পৰ্কত তথ্য় লাভৰ বাবে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷ সোমবাৰে উচ্চতম ন্য়ায়ালয়ে এই সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰক প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিছে ৷

উচ্চতম ন্য়ায়ালয়ে জানিবলৈ দিয়া অনুসৰি, "কৰ'ণা ভাইৰাছতকৈ ডাঙৰ সমস্য়া হিচাপে থিয় দিছে প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ ভয় আৰু শংকা ৷"

যিহেতু চৰকাৰে এই ক্ষেত্ৰত ইতিমধ্যেই ব্যৱস্থা গ্ৰহণ কৰিছে সেয়েহে ন্যায়ালয়ে এই ক্ষেত্ৰত কোনো নিৰ্দেশনা অথবা ব্যৱস্থা গ্ৰহণ নকৰে ৷

শ্ৰমিকৰ প্ৰব্ৰজন সম্পৰ্কত অধিবক্তা অলখ আলোক শ্ৰীবাস্তৱ আৰু ৰশ্মি বাঞ্চালে মুখ্য ন্য়ায়াধীশ এছ. এ. ববডে আৰু অধিবক্তা নাগেশ্বৰ ৰাওৰ দ্বাৰা গঠিত বিচাৰক মণ্ডলীৰ ওচৰত জনস্বাৰ্থ জড়িত আবেদন (PIL) দাখিল কৰিছিল ৷

Solicitor General তুষাৰ মেহতাই কেন্দ্ৰীয় চৰকাৰৰ হৈ আদালতত কয়, কৰ'ণা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে শ্ৰমিকৰ প্ৰব্ৰজন ৰোধ কৰা উচিত ৷ ইয়াৰোপৰি, কেন্দ্ৰ আৰু সংশ্লিষ্ট ৰাজ্য চৰকাৰে যথোচিত পদক্ষেপ গ্ৰহণ কৰা প্ৰয়োজন ৷

মঙলবাৰে উচ্চতম ন্য়ায়ালয়ে এই বিষয়ৰ ওপৰত শুনানি গ্ৰহণ কৰিব ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.