ETV Bharat / bharat

আইচ'লেছন ৱাৰ্ডলৈ পৰিৱৰ্তিত হ'ল 2,500 টা ৰেলৰ দবা - কৰ'ণা ভাইৰাছ

আইচ'লেছন ৱাৰ্ডলৈ পৰৱৰ্তিত হ'ল 2,500 টা ৰেলৰ দবা ৷ এক বিজ্ঞপ্তিত প্ৰকাশ এই কথা ৷

আইচ'লেছন ৱাৰ্ডলৈ পৰিৱৰ্তিত হ'ল 2,500 টা ৰেলৰ দবা
ভাৰতীয় ৰেলৱে'
author img

By

Published : Apr 6, 2020, 10:04 PM IST

নেশ্যনেল ডেস্ক, 6 এপ্ৰিল : কৰ'ণা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ৰেলৱেই অতি কমসময়ৰ ভিতৰতে 2,500 টা ৰেলৰ দবা আইচ'লেছন ৱাৰ্ডলৈ পৰিৱৰ্তিত কৰিলে ৷

উল্লেখ্যে যে, ভাৰতীয় ৰেলৱে'ই প্ৰতিটো সংমণ্ডলক 5,000 ৰেলৰ দবা আইচ'লেছন ৱাৰ্ডলৈ পৰিৱৰ্তিত কৰিবলৈ লক্ষ্য বান্ধি দিছিল ৷ সেই অনুসৰি, 6 এপ্ৰিল পৰ্যন্ত তেওঁলোকে আধাসংখ্যক কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হয় ৷

ৰেলৱে' মন্ত্ৰণালয়ে জানিবলৈ দিয়া অনুসৰি, প্ৰতিদিনে প্ৰায় 375 টা ৰেলৰ দবা আইচ'লেছন ৱাৰ্ডলৈ পৰিৱৰ্তিত কৰা হৈছে ৷ দেশৰ 133 টা বিভিন্ন স্থানত এই কাম সম্পাদন কৰি থকা হৈছে ৷ ইয়াৰোপৰি, মুঠ 40,000 আইচ'লেছন বিচনাও প্ৰস্তুত কৰি ৰখা হৈছে ৷

এক চৰকাৰী বিজ্ঞপ্তিত প্ৰকাশ পোৱা অনুসৰি, "লকডাউনৰ সময়ছোৱাত শ্ৰমিকৰ সংখ্যা কম হোৱাৰ পাচতো ৰেলৱে সংমণ্ডল সমূহে অতি কম সময়ৰ ভিতৰত প্ৰায় অসম্ভৱ কাম এটা সমাধান কৰিলে ৷ ইয়াৰ ফলত 2,500 ৰেলৰ দবা আৰু 40,000 আইচ'লেছন বিচনা ইতিমধ্যেই সম্পূৰ্ণ হৈ উঠিল ৷"

ইয়াৰোপৰি, বিজ্ঞপ্তিত প্ৰকাশ কৰা হৈছে যে, আকস্মিক ঘটনাৰ বাবে আৰু স্বাস্থ্য মন্ত্ৰণালয়ে কোভিড-19 ৰ বিৰুদ্ধে যুঁজ দিবলৈ যি প্ৰচেষ্টা চলাইছে সেই ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ বাবে এই আইচ'লেছন ৱাৰ্ডসমূহ প্ৰস্তুত কৰা হৈছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.