ETV Bharat / bharat

চিকিৎসালয়তে ক'ভিড আক্ৰান্ত মহিলাৰ আত্মহত্যা - চিচিটিভিৰ ফুটেজ সংগ্ৰহ

বুধবাৰে ক'ভিড আক্ৰান্ত এগৰাকী মহিলাই চিকিৎসালয়ৰ ৱাৰ্ডতে আত্মহত্যা কৰাৰ এটা বাতৰি বিয়পি পৰাৰ পিছতে মুৰাদাবাদত এক আতংকময় পৰিবেশৰ সৃষ্টি হয় । মহিলা গৰাকীৰ আত্মহত্যাৰ এই ৰহস্যজনক ঘটনাটোক লৈ ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।

covid-19-positive-woman-dies-by-suicide-at-moradabad-hospital
মুৰাদাবাদত ক'ভিড আক্ৰান্ত এগৰাকী মহিলাই কৰিলে আত্মহত্যা
author img

By

Published : Aug 20, 2020, 4:57 PM IST

নেশ্যনেল ডেস্ক,২০ আগষ্ট: মুৰাদাবাদ জিলাৰ তীৰ্থাঙ্কৰ মহাবীৰ বিশ্ববিদ্যালয়ৰ মেডিকেল ৱাৰ্ডত বুধবাৰে এগৰাকী ক'ভিড আক্ৰান্ত মহিলাই কৰিলে আত্মহত্যা । জিলা প্ৰশাসনে ইতিমধ্যে এটা ভিডিঅ' ফুটেজ প্ৰকাশ কৰিছে য'ত মহিলা গৰাকীয়ে এক সন্দেহজনক অৱস্থাত এখন খিৰিকীৰে জপিয়াই দিয়া দেখিবলৈ পোৱা গৈছে ।

ঘটনা সন্দৰ্ভত আৰক্ষীৰ অপৰাধ শাখাৰ অধীক্ষক অশোক কুমাৰে সাংবাদিকৰ আগত দিয়া ভাষ্য অনুসৰি, ক'ভিড-১৯ত আক্ৰান্ত মহিলা গৰাকীক তীৰ্থাঙ্কৰ মহাবীৰ বিশ্ববিদ্যালয়ৰ মেডিকেল ৱাৰ্ডত ভৰ্তি কৰোৱা হৈছিল । এই গৰাকী মহিলাই বুধবাৰে চিকিৎসালয়ৰ ৱাৰ্ডৰ পৰা খিৰিকীৰে জপিয়াই আত্মহত্যা কৰিছে । ইতিমধ্যে আমি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছো ।

আৰক্ষী অধীক্ষক গৰাকীয়ে জনালে, ঘটনা সংঘটিত হোৱাৰ পিছতে মেডিকেল ৱাৰ্ডৰ পৰা আমাক অৱগত কৰা হৈছিল । ইয়াৰ পিছতে আমাৰ দল উপস্থিত হৈ ঘটনাস্থলীৰ পৰা চি চি টি ভিৰ ফুটেজ সংগ্ৰহ কৰাৰ লগতে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.