ETV Bharat / bharat

COVID-১৯ : চাফাই কৰ্মীৰ সুৰক্ষা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত আবেদন

COVID-১৯ মহামাৰীৰ পৰা দেশবাসীক সুৰক্ষিত ৰাখিবলৈ আৰক্ষী, স্বাস্থ্য় বিষয়াৰ সমান্তৰালকৈ অহৰহ চেষ্টা চলাই গৈছে চেনিটাইজেশ্বন তথা চাফাই কৰ্মী সকলে । বৃহস্পতিবাৰে চেনিটাইজেশ্বনত নিয়োজিত কৰ্মীৰ সুৰক্ষাৰ দিশটোৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত এক আবেদন ।

author img

By

Published : Apr 10, 2020, 10:13 AM IST

COVID-19: Plea seeking protection of rights of sanitation workers filed in SC

নিউজ ডেস্ক, ১০ এপ্ৰিলঃ দেশত এতিয়া COVID-১৯ মহামাৰীৰ প্ৰকোপ । COVID-১৯ মহামাৰীৰ পৰা দেশবাসীক সুৰক্ষিত কৰিবলৈ ঘোষণা কৰা হ'ল ২১ দিনীয়া লক্ ডাউন । এই লক্ ডাউনৰ মাজতো কিন্তু নিজৰ দ্বায়িত্ব পালন কৰি আছে চাফাই কৰ্মীসকলে । বৃহস্পতিবাৰে এই চাফাই কৰ্মী সকলৰ সুৰক্ষাৰ অধিকাৰ সন্দৰ্ভত এক আবেদন দাখিল কৰা হয় দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত ।

২৪ ঘণ্টাৰ ভিতৰত চাফাই কৰ্মী সকলক ব্যক্তিগত সুৰক্ষা সঁজুলি (PPE) প্ৰদান আৰু ৪৮ ঘণ্টাৰ ভিতৰত কৰ্মী সকলৰ লগতে পৰিয়ালৰ লোকক COVID-১৯ ৰ পৰীক্ষা কৰোৱাৰ দাবী তুলি সক্ৰিয় সমাজকৰ্মী হাৰনাম সিঙে উচ্চতম ন্যায়ালয়ত দাখিল কৰে এক আবেদন ।

আবেদনত উল্লেখ কৰা হৈছে যে, সংকটৰ সময়ত প্ৰত্যেক চহৰ, অঞ্চল, গাঁও, ৰাস্তা-পদুলি, ঘৰে ঘৰে আৱৰ্জনা গ্ৰহণ কৰা ইত্যাদি কামত নিয়োজিত হৈ আছে এই সকল চাফাই কৰ্মী । কিন্তু বৰ্তমান লৈকে এই চাফাই কৰ্মী সকলৰ মাজত পৰ্যাপ্ত সুৰক্ষা সুঁজলি বিতৰণ কৰা হোৱা নাই । ইতিমধ্য়ে বিশ্ব স্বাস্থ্য় সংস্থাৰ দ্বাৰা প্ৰকাশিত নিৰ্দেশাৱলীত চাফাই কৰ্মী সকলক উপযুক্ত সঁজুলি প্ৰদানৰ কথা উল্লেখ কৰা হৈছে ।

'The Prohibition of Employment As Manual Scavengers and Their Rehabilitation Act 2013' অধীনত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে, প্ৰতিৰক্ষামূলক সামগ্ৰী অবিহনে চেপ্টিক টেংকি সমূহ পৰিস্কাৰ কৰা বিপদজনক ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.