নিউজ ডেস্ক, ২৩ এপ্ৰিলঃ সোমবাৰে কোভিড-১৯ আক্ৰান্ত এগৰাকী মহিলাই মুম্বাইৰ Sassoon Hospitalত এটি সুস্বাস্থ্যৱান সন্তান জন্ম দিয়ে । বিগত ১৬ এপ্ৰিলত পুনেৰ বাসিন্দা ২৫ বছৰীয়া মহিলাগৰাকীক চিকিৎসালয়খনত ভৰ্তি কৰোৱা হৈছিল ।
চিকিৎসালয় কৰ্তৃপক্ষই বৃহস্পতিবাৰে এই কথা প্ৰকাশ কৰিছে । সেই অনুসৰি মহিলাগৰাকীয়ে এটি ল'ৰা শিশু জন্ম দিয়ে, যাৰ দেহত কোভিড-১৯ সংক্ৰমণ হোৱা নাই বুলি জানিব পৰা গৈছে । সন্তানটিক চিকিৎসালয়খনৰ এটি অভিজ্ঞ চিকিৎসকৰ দলৰ তত্বাৱধানত নিৰীক্ষণত ৰখা হৈছে ।
বিগত ১৬ এপ্ৰিলত মহিলাগৰাকীৰ দেহত কোভিড-১৯ সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছিল আৰু মহিলাগৰাকীক চিকিৎসালয়খনত ভৰ্তি কৰোৱা হৈছিল । মহাৰাষ্ট্ৰৰ স্বাস্থ্য় শিক্ষা আৰু ড্ৰাগ বিভাগে প্ৰকাশ কৰা অনুসৰি, পুনে পৌৰসভা অঞ্চল আৰু পুনেত ক্ৰমে, ৫৪৬ আৰু ১৭ গৰাকী কোভিড-১৯ আক্ৰান্ত লোক পোৱা গৈছে ।
মহাৰাষ্ট্ৰত এতিয়ালৈকে ৪,২০৪ গৰাকী লোক কোভিড-১৯ৰ দ্বাৰা আক্ৰান্ত হৈছে, যিটো ভাৰতৰ ভিতৰতে সৰ্বাধিক । ৰাজ্যখনত এতিয়ালৈকে ২২৩ গৰাকী লোক এই ভাইৰাছৰ কৱলত পৰি মৃত্যুমুখত পৰিছে ।
লগতে পঢ়কঃ অসমত পুনৰ এজন ব্যক্তি কৰ'ণাত আক্ৰান্ত