নিউজ ডেস্ক,21 জুলাইঃ কেনচাচ ষ্টেট ইউনিভাৰ্ছিটীৰ গৱেষকৰ দ্বাৰা সম্প্ৰতি প্ৰকাশ পাইছে যে,এচ.এ.আৰ.এচ-কোভি -2 যি COVID-19 ৰোগৰ কাৰণ হয়, কিন্তু মহৰ দ্বাৰা কৰ'ণা ভাইৰাছ সংক্ৰমণ হ'ব নোৱাৰে ৷
সমীক্ষাত দেখা গৈছে যে, তিনিটা বহুল ৰূপত বিস্তৃত হৈ থকা মহৰ প্ৰজাতিৰ দ্বাৰা মানুহৰ মাজত এই ভাইৰাছ সংক্ৰমণ নহয় ৷ এই প্ৰজাতিকেইটা হ'ল এডিচ এজিপ্টি, এডিচ এলব'পিকটাচ আৰু কুলেক্স কুইনকুফেচিয়াচ ৷ এই বাবেই মহৰ দ্বাৰা এই ভাইৰাছ বিয়পিব নোৱাৰে ৷ এই কথাখিনি নেছাৰ চাইন্টিফিক ৰিৰ্পটছৰ দ্বাৰা বিগত 17 জুলাইত প্ৰকাশ পাইছে ৷ Biosecurity Research Institute চমুকৈ BRI ৰ গৱেষণাৰ সহযোগী সহ সভাপতি ষ্টিফেন হিগ্ছ আৰু ভেটিৰনাৰি মেডিচিন কলেজৰ সহকৰ্মীয়ে একত্ৰিত ভাৱে এই প্ৰতিবেদন প্ৰকাশ কৰিছে ৷
উল্লেখ্য যে, BRI নামৰ গৱেষণা সংস্থাটোৱে মাৰ্চৰ পৰাই COVID-19ৰ ওপৰত অধ্যয়ন চলাই আহিছে ৷ বৰ্তমানলৈকে COVID-19ৰ ওপৰত চাৰিটা অতিৰিক্ত অধ্যয়ন সম্পন্ন কৰিছে BRI য়ে ৷
লগতে পঢ়কঃকৰ'ণা সংকটৰ বাবেই কম মূল্যৰ সুৰাপানৰ প্ৰতি আগ্ৰহী গ্ৰাহক