ETV Bharat / bharat

উত্তৰ-পূৱ সীমান্ত ৰেলৱে'ৰ 20,000 মাস্ক, 800 লিটাৰ হেণ্ড ছেনিটাইজাৰ প্ৰস্তুত

কৰণা ভাইৰাছ আতংকৰ মাজতে 20,000 মাস্ক আৰু 800 লিটাৰ হেণ্ড ছেনিটাইজাৰ প্ৰস্তুত কৰি উলিয়াইছে উত্তৰ-পূৱ সীমান্ত ৰেলৱেই ৷ এই কথা প্ৰকাশ পাইছে ৰেলৱে সংমণ্ডলটোৰ এক বিবৃতিত ৷

author img

By

Published : Apr 4, 2020, 10:38 PM IST

প্ৰস্তুত 20,000 মাস্ক, 800 লিটাৰ হেণ্ড ছেনিটাইজাৰ
উত্তৰ-পূৱ সীমান্ত ৰেলৱে'

নেশ্যনেল ডেস্ক, 4 এপ্ৰিল : উত্তৰ-পূৱ সীমান্ত ৰেলৱে'ই (NFR) প্ৰস্তুত কৰি উলিয়ালে 20,000 মাস্ক আৰু প্ৰায় 800 লিটাৰৰো অধিক হেণ্ড ছেনিটাইজাৰ ৷ ৰেলৱে' সংমণ্ডলৰ এক বিবৃতিত প্ৰকাশিত তথ্য অনুসৰি, ৰেলৱে'ৰ কৰ্মচাৰীসকলে একত্ৰিত হৈ এই সামগ্ৰীসমূহ প্ৰস্তুত কৰি উলিয়ায় ৷

ঘৰৰ পৰা কৰ্মৰত (working from home) কৰ্মচাৰীসকলে মাস্কসমূহ প্ৰস্তুত কৰি উলিওৱাৰ পৰিৱৰ্তে হেণ্ড ছেনিটাইজাৰ সমূহ উত্তৰ-পূৱ সীমান্ত ৰেলৱে'ৰ বিভিন্ন গোদামত তৈয়াৰ কৰা হয় ৷ শনিবাৰে NFR ৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া শুভানন চন্দই এক বিবৃতিৰ জৰিয়তে এই কথা প্ৰকাশ কৰে ৷

মাস্কসমূহ আগৰতলা, আলিপুৰদুৱাৰ, লামডিং, শিলচৰ, কাটিহাৰ, তিনিচুকীয়া আৰু ৰঙিয়াত প্ৰস্তুত কৰি উলিওৱা হয় ৷

1 এপ্ৰিললৈ ভাৰতীয় ৰেলৱে'ই প্ৰায় 2.87 লাখ মাস্ক আৰু 25,806 লিটাৰৰ হেণ্ড ছেনিটাইজাৰ প্ৰস্তুত কৰি উলিয়াইছে ৷ ৰেলৱে'ত কৰ্মৰত সকলো কৰ্মচাৰী আৰু ঠিকাত কাম কৰা শ্ৰমিকসকলে এই ছেনিটাইজাৰ ব্যৱহাৰ কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখিছে ৷

উল্লেখ্য যে, 25 মাৰ্চলৈ উত্তৰ-পূৱ সীমান্ত ৰেলৱে'ই প্ৰায় 200 ৰো অধিক খাদ্য সামগ্ৰী কঢ়িওৱা মালবাহী ট্ৰেইনৰ চলাচল কৰিবলৈ সক্ষম হৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.