ETV Bharat / bharat

31 জানুৱাৰীলৈ বৃদ্ধি কৰা হৈছে মহাৰাষ্ট্ৰৰ লক ডাউন - জিলা উপায়ুক্ত

মহাৰাষ্ট্ৰত পুনৰ বৃদ্ধি কৰা হৈছে লক ডাউন ৷ 31 জানুৱাৰীলৈ বৃদ্ধি কৰা হৈছে লক ডাউন ৷ ক'ভিড-19 ৰ নতুন সংস্কৰণৰ বাবে বৃদ্ধি কাৰ হৈছে লক ডাউন ৷

COVID-19: Maharashtra extends lockdown restrictions till January 31
31 জানুৱাৰীলৈ বৃদ্ধি কৰা হৈছে মহাৰাষ্ট্ৰৰ লক ডাউন
author img

By

Published : Dec 30, 2020, 4:02 PM IST

নিউজ ডেস্ক, 30 ডিচেম্বৰ : আমেৰিকা যুক্তৰাষ্ট্ৰত উদ্ভৱ হোৱা ক'ভিড-19 ৰ নতুন সংস্কৰণৰ বাবে মহাৰাষ্ট্ৰত পুনৰ বৃদ্ধি কৰা হৈছে লক ডাউন ৷ মহাৰাষ্ট্ৰ চৰকাৰে 31 জানুৱাৰীলৈ বৃদ্ধি কৰিছে লক ডাউন ৷ উল্লেখ্য যে, ৰাজ্য চৰকাৰে 27 নৱেম্বৰত জাৰি কৰা এক নিৰ্দেশনা অনুসৰি 31 ডিচেম্বৰলৈ বলবৎ আছিল লক ডাউন ৷

নিৰ্দেশনা অনুসৰি, 'Mission Begin Again' কাৰ্যকৰী কৰিবলৈ মহামাৰী ৰোগ অধিনিয়ম আইন (1897) ৰ ধাৰা 2 ৰ অধীনত লক ডাউন বলবৎ কৰা হৈছে ৷ কেইবা মাহৰ পৰা বলবৎ হৈ থকা লক ডাউনৰ অন্তত চৰকাৰে লক ডাউন উঠাই লোৱাৰ সিদ্ধান্ত কৰা হৈছিল যদিও শেহতীয়াকৈ ক'ভিড-19 ৰ নতুন সংস্কৰণৰ বাবে পুনৰ লক ডাউন বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে ৷ ইতিমধ্যে, ৰাজ্য চৰকাৰে সকলো জিলা উপায়ুক্তৰ জৰিয়তে সান্ধ আইন জাৰি কৰাৰ বাবে আদেশ দিয়া হৈছে ৷

মহাৰাষ্ট্ৰৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি, মঙলবাৰে মহাৰাষ্ট্ৰত 3,018 গৰাকী ক'ভিড ৰোগীক চিনাক্ত কৰা হৈছে ৷ একেদৰে, 5,572 গৰাকী ৰোগীক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে আৰু 68 গৰাকী ৰোগী মৃত্যু হোৱাৰ তথ্য প্ৰকাশ কৰিছে ৷

উল্লেখ্য যে, সৰ্বমুঠ মহাৰাষ্ট্ৰত ক'ভিড-19 ৰোগীৰ সংখ্যা 19,25,066 গৰাকী, একেদৰে আৰোগ্য ৰোগীৰ সংখ্যা 18,20,021 গৰাকী, বৰ্তমানেও চিকিৎসাধীন ৰোগীৰ সংখ্যা 55,672 গৰাকী আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা 49,373 গৰাকী ৷

লগতে পঢ়ক : গহপুৰত শিক্ষকে প্ৰাক্তন ছাত্ৰীক পলুৱাই নিয়াৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.