ETV Bharat / bharat

অন্ধ্ৰ প্ৰদেশত ক্ৰমাৎ হ্ৰাস পাইছে কৰ'ণাক্ৰান্তৰ সংখ্যা

author img

By

Published : Sep 30, 2020, 1:08 PM IST

"সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰি আমি কৰ'ণাৰ সৈতে যুঁজ দিব লাগিব" বুলিও আলোচনাচক্ৰত মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ লগতে ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ চৰকাৰী কতৃপক্ষক আহ্বান জনোৱাৰ লগতে 104 সেৱাৰ লাভা লাভ উঠাবলৈ ৰাইজক আহ্বান জনোৱা বুলি প্ৰেছ বিজ্ঞপ্তিখনত উল্লেখ কৰে ৷

Covid tally
Covid tally

নেশ্যনেল ডেস্ক, 30 ছেপ্টেম্বৰঃ অন্ধ্ৰপ্ৰদেশত কোভিডত আক্ৰান্ত লোকৰ সংখ্যা ক্ৰমাৎ হ্ৰাস পাইছে ৷ তথ্য অনুসৰি,বিগত কেইটামান সপ্তাহৰ পৰা কৰ'ণাক্ৰান্তৰ সংখ্যা 12 শতাংশৰ পৰা হ্ৰাস পায় 8.3 হৈছে বুলি মঙলবাৰে জানিবলৈ দিয়ে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ৱাই এছ জগনমোহন ৰেড্ডীয়ে ৷ চৰকাৰী বিজ্ঞপ্তিত প্ৰকাশ পোৱা অনুসৰি "Spandana" ৰ অংশ হিচাপে মুখ্যমন্ত্ৰীগৰাকীয়ে জিলা সমাহৰ্ত্তা তথা আৰক্ষী অধীক্ষকৰ সৈতে ভিডিঅ' কনফাৰেন্সত মিলিত হৈ কৰ'ণা পৰীক্ষণৰ সংখ্যা বৃদ্ধি পাইছে যদিও ৰোগীৰ সংখ্যা ক্ৰমাৎ হ্ৰাস পোৱা বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়কঃ আজি প্ৰদান কৰা হ’ব ডাঃ দেবেন দত্ত হত্যাকাণ্ডৰ চূড়ান্ত ৰায়

"সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰি আমি কৰ'ণাৰ সৈতে যুঁজ দিব লাগিব" বুলিও আলোচনাচক্ৰত মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ লগতে ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ চৰকাৰী কৰ্তৃপক্ষক আহ্বান জনোৱাৰ লগতে 104 সেৱাৰ লাভালাভ উঠাবলৈ ৰাইজক আহ্বান জনোৱা বুলি প্ৰেছ বিজ্ঞপ্তিখনত উল্লেখ কৰে ৷ ইয়াৰোপৰি হেল্পলাইন নম্বৰসমূহ যাতে প্ৰতিটো সময়ত উপলদ্ধ হৈ থাকে ইয়াৰ প্ৰতি চৰকাৰী বিষয়াসকলক দৃষ্টি নিক্ষেপ কৰিবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী ৱাই এছ জগনমোহন ৰেড্ডীয়ে ৷

লগতে পঢ়কঃ বাবৰি মছজিদ ধ্বংস কাণ্ড: ৩০ ছেপ্তেম্বৰত চিবিআইৰ বিশেষ আদালতে ৰায়দান কৰিব

কেৱল অন্ধ্ৰ প্ৰদেশ এখন ৰাজ্য য'ত "Aarogyasri" আঁচনিৰ জৰিয়তে কোভিড চিকিৎসা প্ৰদান কৰা হৈছে ৷ আঁচনিখনৰ অন্তৰ্গত গাঁও,ৱাৰ্ড,হাস্পতালসমূহৰ তালিকাও ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে প্ৰদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ লগতে বিষয়াসকলক ৰাজ্যখনৰ 240 খন কোভিড হাস্পতাল ভালদৰে নিৰীক্ষণৰ নিৰ্দেশ দিয়ে জগনমোহন ৰেড্ডীয়ে ৷

আনহাতে তেলাংগানাত নতুনকৈ 16 খন মেডিকেল কলেজ স্থাপন কৰাৰ কথা উল্লেখ কৰে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰোপৰি বিষয়াসকলক কাকীনদা,অনন্তপুৰ আৰ ওংগলস্থিত মেডিকেল কলেজসমূহ বিস্তাৰ কৰিবলৈ অতিৰিক্ত ভূমি ব্যৱস্থা কৰাৰ নিৰ্দেশ দিয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.