ETV Bharat / bharat

COVID-19 : তেলেংগানাত নতুনকৈ আক্ৰান্ত 985 গৰাকী

author img

By

Published : Jun 27, 2020, 11:50 AM IST

শুকুৰবাৰে তেলেংগানাত 985 গৰাকী লোক আক্ৰান্ত হৈছে COVID-19 ত ৷ ফলত ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা 12,349 গৰাকীলৈ বৃদ্ধি পাইছে ৷ এয়া এটা দিনত আক্ৰান্তৰ সৰ্বোচ্চ সংখ্যা হিচাপে পৰিগণিত হৈছে ৷

With 985 new Covid cases, Telangana crosses 12,000 mark
COVID-19 : তেলেংগানাত নতুনকৈ আক্ৰান্ত 985 গৰাকী

নেশ্যনেল ডেস্ক, 27 জুন : দেশত ব্যাপক হাৰত বৃদ্ধি পাই আহিছে COVID-19 আক্ৰান্তৰ সংখ্যা ৷ এটা দিনত নতুনকৈ আক্ৰান্তৰ সৰ্বোচ্চ সংখ্যা হৈছে 18552 গৰাকী ৷ এয়া এটা দিনত দেশখনত সৰ্বোচ্চ আক্ৰান্তৰ অভিলেখ ৷

শুকুৰবাৰে তেলেংগানাত 985 গৰাকী লোক আক্ৰান্ত হৈছে COVID-19 ত ৷ ফলত ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা 12,349 গৰাকীলৈ বৃদ্ধি পাইছে ৷ এয়া এটা দিনত আক্ৰান্তৰ সৰ্বোচ্চ সংখ্যা হিচাপে পৰিগণিত হৈছে ৷

COVID-19 LIVE: With 985 new Covid cases, Telangana crosses 12,000 mark

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সঞ্চালকৰ মতে,শুকুৰবাৰৰ দিনটোত 4,374 গৰাকীৰ COVID-19 পৰীক্ষণ কৰা হৈছিল আৰু ইয়াৰ ভিতৰত 985 গৰাকীৰ দেহত ৰোগৰ অৱস্থিতি ধৰা পৰিছে ৷ আনহাতে, শুকুৰবাৰৰ দিনটোত মৃত্যু হৈছে 7 গৰাকীকৈ লোকৰ ৷ বৰ্তমান ৰাজ্যখনত মৃতকৰ সংখ্যা 237 গৰাকীলৈ বৃদ্ধি পাইছে ৷

আনহাতে,যোৱা 24 ঘন্টাত ৰাজ্যখনত 78 গৰাকী লোক আৰোগ্য হৈ উঠিছে ৷ বৰ্তমান পৰ্যন্ত আৰোগ্য লোকৰ সংখ্যা 4,766 গৰাকী ৷ ৰাজ্যখনত সৰ্বাধিক আক্ৰান্ত হৈছে গ্ৰেটাৰ হাইদৰাবাদত ৷

উল্লেখ্য যে, বৰ্তমান দেশত সৰ্বমুঠ আক্ৰান্তৰ সংখ্যা 4,91,170 গৰাকী হোৱাৰ বিপৰীতে মৃত্যু হৈছে 15,308 গৰাকীৰ ৷ দেশৰ সৰ্বাধিক আক্ৰান্ত ৰাষ্ট্ৰ মহাৰাষ্ট্ৰত বৰ্তমান আক্ৰান্তৰ সংখ্যা 1,52,765 গৰাকী হোৱাৰ বিপৰীতে মৃত্যু হোৱা লোকৰ সংখ্যা 7,106 গৰাকী হৈছে ৷ দেশৰ ৰাজধানী দিল্লীত আক্ৰান্তৰ সংখ্যা 77,240 গৰাকী হোৱাৰ বিপৰীতে মৃত্যু হৈছে 2492 গৰাকীৰ ৷ ইয়াৰ পাচতে সৰ্বাধিক আক্ৰান্তৰ তালিকাত আছে তামিলনাডু,গুজৰাট,উত্তৰ প্ৰদেশ,ৰাজস্থান ৷

লগতে পঢ়ক : লক ডাউনঃ বিশ্বনাথত কঠোৰ আৰক্ষী প্ৰশাসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.