নিউজ ডেস্ক,১৬ জুনঃ অসমত মঙলবাৰে আবেলি পৰ্যন্ত মহামাৰী COVID-19 ত নতুনকৈ ১৫১ গৰাকী ব্যক্তি আক্ৰান্ত হয় বুলি সদৰি কৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত বৰ্তমান পৰ্যন্ত COVID-19ত আক্ৰান্তৰ সংখ্যা হয়গৈ ২,২০৫ গৰাকী । তাৰ ভিতৰত ২,০৯৩ গৰাকী লোক আৰোগ্য লাভ কৰাৰ উপৰিও বৰ্তমান পৰ্যন্ত ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ৮ গৰাকী ব্যক্তিৰ ।
![কৰ'ণা ভাইৰাছ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/01:05_7632900_pic.jpg)
আনহাতে, বিগত ২৪ ঘণ্টাৰ ভিতৰত সমগ্ৰ দেশজুৰি ১১,৫০২ গৰাকী ব্যক্তি COVID-19 ত আক্ৰান্ত হয় । ভাৰতত সোমবাৰ পৰ্যন্ত কৰ'ণা আক্ৰান্ত হয় ৩,৩২,৪২৪ গৰাকী লোক । তাৰ ভিতৰত ১,৬৯,৭৯৮ গাৰকী আৰোগ্য হৈ উঠাৰ উপৰিও মৃত্যু হৈছে ৯,৫২০ গৰাকীৰ ।
লগতে চাওকঃ পশ্চিমবংগত ভয়াৱহ ভাৱে বৃদ্ধি কোভিড-19 ত আক্ৰান্তৰ সংখ্যা