নিউজ ডেস্ক, 19 মে‘: মাৰাত্মক কৰ‘ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যাই ভাৰতত মঙলবাৰে এক লাখ অতিক্ৰম কৰে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য মতে, বিগত 24 ঘণ্টাৰ ভিতৰত ভাৰতত নতুনকৈ সৰ্বমুঠ 4,970 গৰাকী লোকৰ শৰীৰত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰাৰ লগতে ভাৰতত সৰ্বমুঠ কৰ‘ণা আক্ৰান্তৰ সংখ্যা 1 লাখলৈ বৃদ্ধি হয় ৷
মন্ত্ৰণালয়ৰ মতে, ভাৰতত বৰ্তমান 58,302 গৰাকীৰ শৰীৰত কৰ‘ণা ভাইৰাছ সক্ৰিয় হৈ আছে, আৰোগ্য লাভ কৰিছে 39, 173 গৰাকী লোকে তথা বৰ্তমানলৈকে ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে 3163 গৰাকী লোকৰ ৷ তদুপৰি যোৱা 24 ঘণ্টাৰ ভিতৰত ভাৰতত 134 গৰাকী লোকে কৰ‘ণাত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে ৷
মহাৰাষ্ট্ৰত কৰ‘ণাত আক্ৰান্তৰ সংখ্যা 35,058 লৈ বৃদ্ধি হৈছে, গুজৰাটত 11,745 গৰাকী আৰু তামিলনাডুত 11,760 লৈ দ্ৰুত গতিত বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা ৷ দেশৰ ভিতৰতে সৰ্বাধিক মহাৰাষ্ট্ৰত 1,249, গুজৰাটত 694 গৰাকী আৰু মধ্যপ্ৰদেশত 252 গৰাকী লোক কৰ‘ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে ৷ আনহাতে স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য মতে, দেশৰ ৰাজধানী দিল্লীত আক্ৰান্তৰ সংখ্যা 10,054 লৈ বৃদ্ধি হৈছে ৷
ঠিক একেদৰে আক্ৰান্তৰ সংখ্যাই 4 হাজাৰ অতিক্ৰম কৰা ৰাজ্য হৈছে ক্ৰমে ৰাজস্থান(5,507), মধ্য প্ৰদেশ(5,236) আৰু উত্তৰ প্ৰদেশ(4,605) ৷ দেশৰ অন্য ৰাজ্যসমূহতো ক্ৰমাৎ বৃদ্ধি হৈছে আক্ৰান্তৰ সংখ্যা ৷
লগতে পঢ়ক : লকডাউন ৪.০ : কি কি নতুন নিয়মাৱলী !