ETV Bharat / bharat

এটা দিনৰ ভিতৰত ভাৰতত সৰ্বাধিক কৰ'ণাত আক্ৰান্তৰ সংখ্যা - COVID-19 LIVE India records highest spike of positive cases in a day

দেশত এটা দিনত বৃদ্ধি পালে সৰ্বাধিক আক্ৰান্তৰ সংখ্যা ৷ কেৱল মুম্বাইতে মৃত্যু আঠজনৰ ৷

কৰ'ণা ভাইৰাছ
কৰ'ণাত আক্ৰান্তৰ সংখ্যা
author img

By

Published : Mar 31, 2020, 8:53 AM IST

নেশ্যনেল ডেস্ক, 31 মাৰ্চ: মুম্বাইত 17 জন লোক নতুনকৈ কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ পাচত সোমবাৰে পৰ্যন্ত মুম্বাই মেট্ৰপলিটান অঞ্চলত এই সংখ্যা বৃদ্ধি পাই 170 জন হ'ল ৷ মুম্বাই মহানগৰীৰ উৰ্ধতন কৰ্তৃপক্ষই প্ৰদান কৰে এই তথ্য ৷

আনহাতে, 80 বছৰীয়া এজন লোক কোভিড-19 ত আক্ৰান্ত হৈ মুম্বাইৰ এখন ব্যক্তিগত হাস্পতালত মৃত্যু হোৱাৰ ফলত মুম্বাই মেট্ৰপলিটান অঞ্চলত(MMR) মৃত্যু হোৱা লোকৰ সংখ্যা আঠলৈ বৃদ্ধি পালে ৷ পূৰ্বে শ্বাস-প্ৰশ্বাসজনিত ৰোগ আৰু হৃদৰোগত ভুগি থকা লোকজন 29 মাৰ্চত কোভিড-19 ত আক্ৰান্ত হোৱা বুলি চিকিৎসকে ঘোষণা কৰিছিল ৷ সোমবাৰে প্ৰকাশ পোৱা এক বিবৃতি অনুসৰি,মেট্ৰপলিটান চহৰখনত 206 জন লোকক OPDs ত নিৰীক্ষণ কৰা হৈছিল আৰু ইয়াৰে 61 জনক সন্দেহজনকভাৱে হাস্পতালত ভৰ্তি কৰোৱা হয় ৷

আনহাতে, কোভিড-19ত আক্ৰান্ত হোৱাৰ পাচতো সুস্থ হৈ উঠিছে MMRৰ মুঠ 15 জন লোক ৷ 24-28 মাৰ্চৰ ভিতৰত পৰীক্ষণ চলাই সৰ্বমুঠ 18 টা নতুন ঘটনা পোহৰলৈ অহা বুলিও জানিব পৰা গৈছে ৷ এই ভাইৰাছৰ সংক্ৰমণ হ্ৰাস কৰাৰ উদ্দেশ্যে চৰকাৰী পক্ষই কোভিড-19 ত আক্ৰান্ত লোক বাস কৰা প্ৰায় 1 লাখ ঘৰ আৰু 3.87 লোকৰ জৰীপ কৰে ৷

আৰু পঢ়ক : শ্ৰমিকৰ প্ৰব্ৰজন : কেন্দ্ৰীয় চৰকাৰক প্ৰতিবেদন দাখিলৰ নিৰ্দেশ উচ্চতম ন্য়ায়ালয়ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.