নতুন দিল্লী,10 আগষ্ট: ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰতত সোমবাৰে 62,064 গৰাকী লোক নতুনকৈ কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷ এই সংখ্যা বৃদ্ধিৰ লগে লগে কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যাই 22 লাখৰ সীমা স্পৰ্শ কৰিছে ৷ ভাইৰাছবিধত আক্ৰান্ত হৈ কৰুণ মৃত্যুক আঁকোৱালি লৈছে 44,386 গৰাকী লোকে ৷ তদুপৰি চিকিৎসাৰ অন্তত সুস্থ হৈ ঘৰলৈ উভতিছে 54,859 গৰাকী লোকে ৷ ইয়াৰ পিছতে কৰ’ণাত আক্ৰান্ত হৈ সুস্থ হোৱা লোকৰ সংখ্যা 15 লাখৰ সীমা অতিক্ৰম কৰে ৷ বিগত 24 ঘণ্টাত ভাৰতত আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ হাৰ প্ৰায় 69.33 শতাংশ বুলি জানিব পৰা গৈছে ৷ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, মৃত্যুৰ হাৰ 2 শতাংশ হ্ৰাস হৈছে ৷
-
#COVID19 Update!
— Dr Harsh Vardhan (@drharshvardhan) August 10, 2020 " class="align-text-top noRightClick twitterSection" data="
▶️देश में अब तक कुल #test 2,45,83,558
▶️9 अगस्त को हुए कुल Test 4,77,023
▶️Testing Labs बढ़कर 1406 हुईं
▶️सरकारी Labs 941
▶️निजी Labs 465
न रुकेंगे, न घबराएंगे #कोरोना को हराएंगे !!@PMOIndia@MoHFW_INDIA
#IndiaFightsCorona pic.twitter.com/aDEnrzPLG9
">#COVID19 Update!
— Dr Harsh Vardhan (@drharshvardhan) August 10, 2020
▶️देश में अब तक कुल #test 2,45,83,558
▶️9 अगस्त को हुए कुल Test 4,77,023
▶️Testing Labs बढ़कर 1406 हुईं
▶️सरकारी Labs 941
▶️निजी Labs 465
न रुकेंगे, न घबराएंगे #कोरोना को हराएंगे !!@PMOIndia@MoHFW_INDIA
#IndiaFightsCorona pic.twitter.com/aDEnrzPLG9#COVID19 Update!
— Dr Harsh Vardhan (@drharshvardhan) August 10, 2020
▶️देश में अब तक कुल #test 2,45,83,558
▶️9 अगस्त को हुए कुल Test 4,77,023
▶️Testing Labs बढ़कर 1406 हुईं
▶️सरकारी Labs 941
▶️निजी Labs 465
न रुकेंगे, न घबराएंगे #कोरोना को हराएंगे !!@PMOIndia@MoHFW_INDIA
#IndiaFightsCorona pic.twitter.com/aDEnrzPLG9
সোমবাৰৰ দিনটোলৈকে 6,34,945 গৰাকী ব্যক্তিৰ দেহত কৰ’ণা ভাইৰাছৰ অৱস্থিতি সক্ৰিয় অৱস্থাত আছে ৷ দেশৰ ভিতৰতে সৰ্বাধিক কৰ’ণাত আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰত ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ টুইটাৰত এই তথ্য প্ৰকাশ কৰা হৈছে ৷ দেশৰ ভিতৰতে কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যাই প্ৰায় 1.5 মিলিয়নৰ সংখ্যা অতিক্ৰম কৰিছে ৷ এই সংক্ৰমণে দেশৰ 10 খন ৰাজ্যত ভয়াবহ ৰূপ ধাৰণ কৰিছে ৷
মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি, ভাৰতীয় চিকিৎসা অনুসন্ধান পৰিষদ চমুকৈ আই চি এম আৰে প্ৰকাশ কৰা তথ্যত 9 আগষ্টলৈকে 4,77,023 গৰাকী লোকৰ নমুনা পৰীক্ষা সম্পন্ন কৰা হোৱাৰ কথা প্ৰকাশ পাইছে ৷ কোভিড 19 ৰ পৰীক্ষাৰ বাবে ইতিমধ্যে 2.45 কোটি লোকৰ নমুনা সংগ্ৰহ কৰা হৈছে ৷ ধাৰাবাহিকভাৱে দেশত চতুৰ্থ দিনৰ বাবে 60,000 গৰাকীৰো অধিক লোকে এই ভাইৰাছত আক্ৰান্ত হৈছে ৷
লগতে চাওকঃ COVID-19: দেশৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য