নিউজ ডেস্ক, ১৫ জুনঃ মধ্য প্ৰদেশৰ ইন্দোৰত দেওবাৰে মহামাৰী COVID-19ত নতুনকৈ আক্ৰান্ত হৈছে ৬ জন ব্যক্তি । ইয়াৰ লগে-লগে চহৰখনত বৰ্তমান পৰ্যন্ত মহামাৰী COVID-19 ত আক্ৰান্তৰ সংখ্যাই ৪,০৬৯ ৰ সংখ্যা অতিক্ৰম কৰে বুলি সদৰি কৰে স্বাস্থ্য বিভাগে ।
উল্লেখ্য যে, দেওবাৰে ইন্দোৰত ১,০৫৮ জন লোকৰ COVID-19ৰ পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰা হৈছিল । ইয়াৰে ভিতৰত ১,০০৬ টা পৰীক্ষাৰ ফলাফল নিগেটিভ আহে । চাৰিজন ব্যক্তিৰ ৰিপোৰ্ট পজিটিভ অহাৰ বিপৰীতে ১৭৮ জনৰ বৰ্তমানলৈকে কোনো ধৰণৰ ৰিপোৰ্ট লাভ কৰা নাই ।
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, ভাৰতত বিগত ২৪ ঘণ্টাত ১১,৯২৯ জন লোক নতুনকৈ COVID-19ত আক্ৰান্ত হৈছে । তাৰোপৰি বৰ্তমান পৰ্যন্ত সমগ্ৰ ভাৰতবৰ্ষতে মুঠ ৩,২০,৯২২ তকৈ অধিক লোক COVID-19 ত আক্ৰান্ত হৈছে বুলি সদৰি কৰে ।