ETV Bharat / bharat

মুছলমানক ঘৰতেই নামাজ পঢ়িবলৈ আহ্বান আৰ্শ্বাদ মাদানীৰ

author img

By

Published : Apr 3, 2020, 7:21 PM IST

জমিয়ত উলেমা-ই-হিন্দে শুকুৰবাৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলক মছজিদৰ পৰিৱৰ্তে ঘৰতে নামাজ পঢ়িবলৈ অনুৰোধ জনায় ৷ ক'ভিড-19ৰ বাবে ঘোষণা কৰা লক্ ডাউনৰ প্ৰতি সঁহাৰি জনায় এই ঘোষণা জমিয়তৰ ৷

Jamiat Ulema e Hind
Jamiat Ulema e Hind

নিউজ ডেস্ক, 3 এপ্ৰিল : কৰ'ণা ভাইৰাছে ক্ৰমাৎ ভয়াৱহ ৰূপ লোৱাৰ প্ৰতি লক্ষ্য ৰাখি জমিয়ত উলেমা-ই-হিন্দে ইছলাম ধৰ্মাৱলম্বীসকলক মছজিদলৈ যোৱাৰ পৰিৱৰ্তে ঘৰতেই নামাজ পঢ়িবলৈ অনুৰোধ জনাইছে ৷

বিশিষ্ট মুছলিম সংগঠন জমিয়ত উলেমা-ই-হিন্দৰ সভাপতি মৌলানা আৰ্শ্বাদ মাদানীয়ে কয় যে, "সকলো মুছলমানে যোৱা সপ্তাহৰ দৰে ঘৰতেই থাকি নামাজ পঢ়ক'' ৷

তেখেতে লগতে কয় যে, "কৰ'ণা প্ৰতিৰোধৰ বাবে স্বাস্থ্য মন্ত্ৰণালয়ে দিয়া নিৰ্দেশ সমূহ মানি চলিবলৈও মই সকলোকে অনুৰোধ জনাইছো" ৷

সৰ্বভাৰতীয় ইমাম সংস্থাৰ মুৰব্বী উমৰ আহমেদ ইল্যাচীয়েও মচলমান সকলক লক্ ডাউন অন্ত নপৰালৈকে সামাজিক দূৰত্ব মানি চলাৰ লগতে ঘৰতে থাকি নামজ পঢ়াৰ নিৰ্দেশ দিয়ে ৷

লগতে পঢ়ক : মেলেৰিয়াৰ ঔষধেৰে ক'ভিড-19ৰ চিকিৎসা বিপদজ্জনক হ'ব পাৰে !

শেষৰ শুকুৰবাৰে অল ইণ্ডিয়া মুচলিম পাৰ্চনেল ব'ৰ্ডেও লোকসকলক জোহৰৰ নামাজ মছজিদৰ পৰিৱৰ্তে ঘৰতে পঢ়িবলৈ আহ্বান জনাইছিল ৷

লগতে পঢ়ক : লক ডাউনৰ সময়ত কি কৰিব কি নকৰিব !

উল্লেখ্য যে, দিল্লীত অনুষ্ঠিত তবলিগ-ই-জামাতৰ অনুষ্ঠানত বহুসংখ্যক লোক একত্ৰিত হোৱা বাবে সেই স্থান কৰ'ণা সংক্ৰমণৰ অভিকেন্দ্ৰ হৈ পৰিছিল ৷ সেইসকলৰ মাজৰ আৰু তেওঁলোকৰ সংস্পৰ্শলৈ অহা প্ৰায় 9000 লোকক ইতিমধ্যে আছুতীয়াকৈ ৰখা হৈছে ৷

বৃহস্পতি বাৰে নয়দা আৰক্ষীয়ে নীতি বৰ্হিভূতভাৱে একত্ৰিত হোৱাৰ বাবে 10 গৰাকী লোকক আটক কৰিছে ৷ লক্ ডাউন চলি থকাৰ মাজতেই তেওঁলোকে প্ৰাৰ্থনাৰ বাবে একগোট হৈছিল ৷

লগতে পঢ়ক : পৰীক্ষাৰ্থীয়ে ঘৰৰ পৰাই দিব পাৰিব TOFEL আৰু GRE পৰীক্ষা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.