নিউজ ডেস্ক, 15 মে' : ভাৰতত দ্ৰুত গতিত বৃদ্ধি পাইছে কৰ‘ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৷ ক্ৰমাৎ বৃদ্ধি পাইছে দৈনিক আক্ৰান্তৰ হাৰ ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ শুকুৰবাৰে সদৰী কৰা এক তথ্য মতে, ভাৰতত বৰ্তমানলৈকে কৰ‘ণা ভাইৰাছত মুঠ আক্ৰান্তৰ সংখ্যা 78, 003 গৰাকী ৷
স্বাস্থ্য মন্ত্ৰালয়ৰ ৱেব চাইটত উল্লেখ কৰা অনুসৰী 15 মে‘ তাৰিখৰ পুৱা 8 বজালৈকে দেশত সৰ্বমুঠ 78,003 গৰাকী লোক এই ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে ভাইৰাছত আক্ৰান্ত 2,549 গৰাকী লোকৰ মৃত্যু হৈছে আনহাতে এই ভাইৰাছৰ পৰা আৰোগ্য লাভ কৰিছে 26, 234 গৰাকী লোকে ৷
এই ক্ষেত্ৰত মহাৰাষ্ট্ৰত সৰ্বাধিক 25,922 আৰু গুজৰাটত 9,267 গৰাকী লোক কৰ‘ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷
লগতে পঢ়ক : বন্দে ভাৰত অভিযান : ৩২ খন দেশলৈ বিমানসেৱা প্ৰদান কৰিব ভাৰতে