নিউজ ডেস্ক, 1 এপ্ৰিলঃ বুধবাৰে ভাৰতবৰ্ষত COVID-19ত আক্ৰান্ত লোকৰ সংখ্যা 1466লৈ বৃদ্ধি পাইছে ৷ এই তথ্য প্ৰকাশ কৰে, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে ৷ স্বাস্থ্য মন্ত্ৰণালয়ৰ বেৱচাইট অনুসৰি, 1 এপ্ৰিলৰ পুৱা ভাৰতত COVID-19ত আক্ৰান্ত 38 গৰাকী লোকৰ মৃত্যুৰ হয় ৷ মহাৰাষ্ট্ৰত বৰ্তমানলৈ 350টা COVID-19ত আক্ৰান্ত লোকৰ সংখ্যা পোৱা গৈছে ৷ যি সংখ্যা দেশখনৰ ভিতৰতে সৰ্বোচ্চ ৷ ইয়াৰ পিচতেই আছে কেৰালাৰ স্থান ৷ কেৰালাত 266টা COVID-19ত আক্ৰান্ত লোকৰ তথ্য পোৱা গৈছে ৷
লগতে পঢ়কঃ ভুৱা বাতৰিক নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ চুপ্ৰিম কৰ্টৰ