ETV Bharat / bharat

কোভিড-19 : নিজামুদ্দিনত অংশগ্ৰহণ কৰা বায়ুসেনাৰ ছাৰ্জেন্ট কৰ‘ণাত আক্ৰান্ত

author img

By

Published : Apr 5, 2020, 12:25 PM IST

নতুন দিল্লীৰ নিজামুদ্দিনত অনুষ্ঠিত হোৱা টবলিঘি জামাতত অংশগ্ৰহণ কৰা ভাৰতীয় বায়ুসেনাৰ এগৰাকী ছাৰ্জেন্ট কৰ‘ণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ পৰিছে ৷ নিজৰ দুগৰাকী বন্ধুৰ সৈতে এই ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল বায়ুসেনাৰ ছাৰ্জেন্টগৰাকীয়ে ৷ জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ কুমাৰ বৰুৱাৰ এক প্ৰতিবেদন ৷

নিজামুদ্দিনত অংশগ্ৰহণ কৰা বায়ুসেনাৰ ছাৰ্জেন্ট কৰ‘ণাত আক্ৰান্ত

নিউজ ডেস্ক, 5 এপ্ৰিলঃ শেহতীয়া এক তথ্য অনুসৰি, নতুন দিল্লীৰ নিজামুদ্দিনত অনুষ্ঠিত হোৱা ইছলামিক ধৰ্মীয় অনুষ্ঠান টবলিঘি জামাতত অংশগ্ৰহণ কৰিছিল দিল্লীস্থিত ভাৰতীয় বায়ুসেনাৰ এগৰাকী ছাৰ্জেন্টে ৷ নিজৰ দুগৰাকী বন্ধুৰ সৈতে এই অনুষ্ঠানত অংশগ্ৰহণ কৰা ছাৰ্জেন্টগৰাকী শেহতীয়াকৈ কৰ‘ণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ পৰিছে ৷

ভাৰতীয় বায়ুসেনাৰ উইং কামাণ্ডাৰ ইন্দ্ৰনীল নন্দীয়ে ইটিভি ভাৰতৰ আগত প্ৰকাশ কৰা অনুসৰি, ছাৰ্জেন্টগৰাকী বিগত মাহত অনুষ্ঠিত হোৱা টবলিঘি জামাতত অংশগ্ৰহণ কৰিছিল নে নাই, সেই বিষয়ে বৰ্তমান অনুসন্ধান অব্যাহত আছে ৷ কিন্তু ছাৰ্জেন্টগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি তেওঁৰ সৈতে আন দুগৰাকী বায়ুসেনাৰ অধিকাৰীয়ো সেই অনুষ্ঠানত উপস্থিত আছিল ৷ তিনিওগৰাকীকে বৰ্তমানে আছুতীয়াকৈ ৰখা হৈছে ৷

বায়ুসেনাৰ ছাৰ্জেন্টগৰাকীৰ মোবাইল ফোনৰ লোকেশ্বন টবলিঘি জামাতৰ অনুষ্ঠানৰ সময়ত নিজামুদ্দিনত ট্ৰেক কৰাৰ পিচতে তেওঁৰ বিষয়ে নিশ্চিত হয় বায়ুসেনাৰ শীৰ্ষ মহল ৷

দক্ষিণ দিল্লীৰ নিজামুদ্দিন অঞ্চলৰ বাংলেৱালী মছজিদত অনুষ্ঠিত হোৱা টবলিঘি জামাত ইজতেমা ভাৰতত কৰ‘ণা ভাইৰাছ বিয়পি পৰা গ্ৰাউণ্ড জিৰো হৈ পৰিছে ৷ মনিপুৰৰ পৰা মহাৰাষ্ট্ৰ আৰু কাশ্মীৰৰ পৰা তামিলনাডুলৈ এই অনুষ্ঠানত অংশগ্ৰহণ কৰা লোক পোৱা গৈছে আৰু ইয়াৰে অধিকাংশই কৰ‘ণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ পৰিছে ৷

শনিবাৰে ভাৰতত কোভিড-19ত আক্ৰান্ত লোকৰ সংখ্যাই প্ৰায় 3,000 হয়গৈ ৷ ইয়াৰে 1000 ৰৰো অধিক লোকে নিজামুদ্দিনত অনুষ্ঠিত টবলিঘি জামাত ইজতেমাত অংশগ্ৰহণ কৰিছিল ৷

ভাৰতীয় বায়ুসেনাৰ ছাৰ্জেন্টগৰাকীৰ ঘটনাটো মুম্বাইৰ পানভেলস্থিত কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বলৰ 11 গৰাকী জোৱান কৰ‘ণা ভাইৰাছত আক্ৰান্ত হৈ পৰাৰ পিচতে পোহৰলৈ আহে ৷ চিআইএছএফৰ জোৱানকেইজন মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত কৰ্তব্য পালন কৰি থকাৰ সময়তে কৰ‘ণাত আক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শলৈ আহিছিল ৷

সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা কৰ‘ণা ভাইৰাছক লৈ ভাৰতীয় সশস্ত্ৰ বাহিনী, অৰ্ধসামৰিক বাহিনী আৰু অন্যান্য নিৰাপত্তা বাহিনীসমূহে ইয়াৰ বিৰুদ্ধে নিজৰ যুঁজ অব্যাহত ৰাখিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.