নিউজ ডেস্ক,31 মাৰ্চঃ ইতিমধ্যে সংহাৰী ৰূপ ধাৰণ কৰা কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ সংখ্যা ভাৰততো ব্যাপক হাৰত বৃদ্ধি পাইছে ৷ বিশ্বত ইতিমধ্যে প্ৰায় 8,37,021 জন লোক নতুনকৈ কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ খবৰ পোৱা গৈছে ৷ মঙলবাৰৰ দিনটোলৈ বিশ্বৰ 41,245 জন লোকে এই ভাইৰাছৰ সংক্ৰমণৰ বলি হৈ প্ৰাণ হেৰুৱায় ৷ তদুপৰি 1,74,523 জন লোকে সংক্ৰমণৰ পৰা আৰোগ্য লাভ কৰে ৷ আনহাতে, বিশ্বত ভাইৰাছবিধৰ উপস্থিতি ধৰা পৰা লোকসকলৰ ভিতৰত 621,253 জন লোকৰ দেহত এই ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে,যাৰ ভিতৰত 30,964 জন লোকৰ অৱস্থা সংকটজনক ৷ ইতিমধ্যে এই ভাইৰাছে 202 খন দেশত সংক্ৰমণ কৰিছে ৷ মঙলবাৰৰ দিনটোলৈ কৰ’ণা ভাইৰাছত ভাৰতত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হৈছে প্ৰায় 1,251 জন ৷ তাৰ ভিতৰত 32 জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে 102 জন লোকে আৰোগ্য লাভ কৰে ৷ ইয়াৰ সমান্তৰালকৈ 1,1117 লোকৰ দেহত এই ভাইৰাছবিধৰ উপস্থিতি ধৰা পৰিছে ৷ উল্লেখ্য যে,অসমতো মঙলবাৰে প্ৰথমজন কৰ’ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ কথা পোহৰলৈ আহিছে ৷ কৰ’ণা ভাইৰাছত আক্ৰান্ত দহখন দেশৰ তথ্য এনেধৰণৰ-
কৰ’ণা ভাইৰাছত আক্ৰান্তৰ শেহতীয়া তথ্য...
ইতিমধ্যে সংহাৰী ৰূপ ধাৰণ কৰা কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ সংখ্যা ভাৰততো ব্যাপক হাৰত বৃদ্ধি পাইছে ৷ বিশ্বত ইতিমধ্যে প্ৰায় 8,37,021 জন লোক নতুনকৈ কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ খবৰ পোৱা গৈছে ৷