ETV Bharat / bharat

বুদ্ধ পূৰ্ণিমা উপলক্ষে দেশবাসীক পুৱা ৮ বাজি ৫ মিনিটত সম্বোধন প্ৰধানমন্ত্ৰীৰ

author img

By

Published : May 7, 2020, 8:00 AM IST

Updated : May 7, 2020, 9:44 AM IST

আজি দেশজুৰি পালন কৰা হৈছে বুদ্ধ পূৰ্ণিমা । দেশবাসীক পুৱা ৮.০৫ মিনিটত সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । বুদ্ধ পূৰ্ণিমাৰ শুভক্ষণত ক্ষতিগ্ৰস্ত আৰু COVID-১৯ ৰ বিৰুদ্ধে সন্মুখৰ পৰা যুঁজ দিয়া যোদ্ধা সকলৰ সন্মানত অনুষ্ঠিত অনুষ্ঠানত মূল বক্তব্য প্ৰদান কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

COVID-19 effect: PM to address 'virtual' Buddha Purnima celebrations
COVID-19 effect: PM to address 'virtual' Buddha Purnima celebrationsCOVID-19 effect: PM to address 'virtual' Buddha Purnima celebrations

নিউজ ডেস্ক, ৭ মে': আজি দেশজুৰি পালন কৰা হ'ব বুদ্ধ পূৰ্ণিমা । কিন্তু এইবছৰৰ বুদ্ধ পূৰ্ণিমা হ'ব কিছু পৃথক । কাৰণ দেশত চলি থকা COVID-১৯ ৰ মহামাৰীৰ ফলতেই এইবাৰ সামাজিক দূৰত্ব বজাই অপাৰ্থিৱ ৰূপত পালন কৰা হ'ব বুদ্ধ পূৰ্ণিমা ।

বুদ্ধ পূৰ্ণিমা উপলক্ষে আয়োজন কৰা এক অনুষ্ঠানত বৃহস্পতিবাৰে পুৱা এই অনুষ্ঠানত অংশগ্ৰহণ কৰি দেশবাসীৰ সন্মুখত কিছু বক্তব্য প্ৰদান কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । COVID-১৯ ৰ মহামাৰীৰ বাবে এইবাৰৰ বুদ্ধ পূৰ্ণিমাক বিশ্বতেই অপাৰ্থিৱ ভিক্ষক দিৱস (Virtual Visak Day) হিচাপে পালন কৰা হ'ব ।

এই অনুষ্ঠান COVID-১৯ ৰ বিৰুদ্ধে সন্মুখৰ পৰা যুঁজ দিয়া সকলৰ সন্মানৰ বাবে আয়োজন কৰা হৈছে । বিশ্বব্যাপি বৌদ্ধ আমব্ৰেলা সংস্থা, আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ কনফেডাৰেচন আৰু সংস্কৃতি মন্ত্ৰণালয়ৰ সহযোগিতাতে বিশ্বৰ বৌদ্ধ সংঘৰ শীৰ্ষ প্ৰধানৰ অংশগ্ৰহণেৰে অপাৰ্থিৱ ভাৱে প্ৰাৰ্থনা কৰাৰ বাবে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে ।

এই প্ৰাৰ্থনা অনুষ্ঠানৰ পোনপটীয়াকৈ ষ্ট্ৰিমিড লাইভ সম্প্ৰচাৰ কৰা হ'ব নেপালৰ লুম্বিণী গাৰ্ডনৰ পৰা, মহাবুধী মন্দিৰ বৌদ্ধগয়াৰ পৰা, চাৰনাথৰ মুলগান্ধা কুটি বিহাৰৰ পৰা আৰু শ্ৰীলংকাকে ধৰি বহু স্থানৰ পৰা ।

পুৱা ৬.৩০ বজাৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠান সন্ধিয়া ৭.৪৫ লৈ চলিব । আনহাতে প্ৰধানমন্ত্ৰী মোডীয়ে ১০ মিনিটৰ বাবে ৮.০৫ মিনিটত দেশবাসীক সম্বোধন কৰিব । এই দিৱস গৌতম বুদ্ধৰ জন্মতিথি, জ্ঞান প্ৰাপ্তি আৰু মৃত্যু তিথি হিচাপে পালন কৰা হয় ।

Last Updated : May 7, 2020, 9:44 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.