নিউজ ডেস্ক, ১৯ জুলাইঃ বলিউড ছবি নিৰ্মাতা সঞ্জয় লীলা ভাঞ্চালীয়ে তেখেতৰ আহিবলগীয়া তথা মুক্তিৰ বাবে অপেক্ষাৰত ছবি গাংগুবাই কাঠিয়াবাড়ীৰ পৰা কৰ্তন কৰে এটি প্ৰেমৰ দৃশ্য । ছবিখনৰ পৰা কৰ্তন কৰা দৃশ্যটোত অভিনয় কৰিছিল বলিউডৰ মোহময়ী অভিনেত্ৰী আলিয়া ভাট্টে ।
মহামাৰী COVOID-19 ৰ সংক্ৰমৰ বাবেই সামাজিক দূৰত্ব বজাই ৰখাৰ ফলত ছবিখনত থকা অন্তৰংগৰ মূহূৰ্ত কৰ্তন কৰে বুলি জানিবলৈ দিয়ে সঞ্জয় লীলা ভাঞ্চালীয়ে । য'ত অভিনেতা শান্তনু মাহেশ্বৰী আৰু আলিয়া ভাট্টৰ অন্তৰংগ মূহূৰ্ত আছিল বুলি জানিবলৈ দিয়ে ।
উল্লেখ্য যে, গাংগুবাই কাঠিয়াবাড়ী ছবিখনত আলিয়া ভাট্টে এগৰাকী মাফিয়া ৰাণীৰ চৰিত্ৰত অভিনয় কৰা প্ৰত্যক্ষ কৰিবলৈ পোৱা যাব । য'ত আলিয়াক মেডাম অফ কমাঠীপুৰা নামেৰেও পৰিচিত ।