ETV Bharat / bharat

কোভিড-19 ৰ সংকটে ৰাহুল গান্ধীক উভতাই আনিলে চি ডাব্লিউ চিলৈ

বিশ্বৰ লগতে ভাৰততো সংহাৰি ৰূপ ধাৰণ কৰা কোভিড-19 ৰ সংকটময় কালছোৱাতে কংগ্ৰেছৰ কাৰ্যকৰী সমিতিৰ বৈঠকত অংশ লয় প্ৰাক্তন কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে ।

author img

By

Published : Apr 2, 2020, 6:36 PM IST

কোভিড-19 ৰ সংকটে ৰাহুল গান্ধীক উভতাই আনিলে চি ডাব্লিউ চিলৈ
কোভিড-19 ৰ সংকটে ৰাহুল গান্ধীক উভতাই আনিলে চি ডাব্লিউ চিলৈ

নিউজ ডেস্ক, 2 এপ্ৰিলঃ জুন মাহত কংগ্ৰেছ দলৰ সভাপতি পদৰ পৰা অব্যাহতি লোৱাৰ পাচত আৰু আগষ্টত ছোনীয়া গান্ধী সভানেত্ৰী নিৰ্বাচিত হোৱাৰ পাচত বৃহস্পতিবাৰে কংগ্ৰেছৰ কাৰ্যকৰী সমিতিৰ বৈঠকলৈ পত্যাৱৰ্তন ঘটে কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীৰ । কংগ্ৰেছ কাৰ্যকৰী সমিতিৰ এই বৈঠকত মহামাৰী কোভিড-19 সম্পৰ্কে ভিডিঅ' কনফাৰেন্স যোগে আলোচনা কৰা হয় ।

চি ডাব্লিউ চি ৰ বৈঠকত ৰাহুল গান্ধীৰ উপস্থিতিয়ে দলটোক কিছু সকাহ দিয়া বুলি বহু জ্যেষ্ঠ নেতাই প্ৰকাশ কৰিব বিচাৰে, আনহাতে একাংশ সংবাদ মাধ্যমে দলীয় কাম কাজ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত দলীয় নেতাৰ ভূমিকাত ৰাহুল গান্ধী সন্তুষ্ট নহয় বুলি প্ৰকাশ কৰে ।

ৰাহুল গাদ্ধীয়ে কোভিড-19 সন্দৰ্ভত কয় যে, এই ৰোগে বেছিকৈ এটা বয়সৰ মানুহক সহজে আক্ৰমণ কৰে । সেয়ে বয়সস্থ তথা মধুমেহ, ৰক্তচাপ, কৰ্কট আদি ৰোগত আক্ৰান্ত লোক সকলে অধিক সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজনীয় ।

ৰাহুল গান্ধীয়ে আৰু কয় যে, 12 ফেব্ৰুৱাৰীতেই তেওঁ চৰকাৰক কৰ'ণা ভাইৰাচ সম্পৰ্কে ব্যৱস্থা লবলৈ আহ্বান জনাইছিল । লগতে তেওঁ কয় যে, মোডীয়ে ঘোষণা কৰা 21 দিনীয়া লক ডাউনলৈ তেওঁ পূৰ্ণ সহযোগিতা আছে । উল্লেখ কৰিব লাগিব যে, মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতা জ্যোতিৰাদিত্য সিন্দিয়াই কংগ্ৰেছ ত্যাগ কৰি ৰাজ্য খনৰ কংগ্ৰেছ চৰকাৰৰ পতন ঘটোৱাৰ পাচত ৰাহুল গান্ধীৰ এইখনেই প্ৰথম সভা ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.