ETV Bharat / bharat

COVID-19: তেলেংগানা চৰকাৰৰ নিৰীক্ষণত 5000 ৰহিংগীয়া শৰণাৰ্থী - ৰহিংগীয়া শৰণাৰ্থী

হায়দৰাবাদত থকা 5000 ৰহিংগীয়াক নিৰীক্ষণত ৰাখিছে তেলেংগানা চৰকাৰে ৷ ইয়াৰে কিছুসংখ্যকে তবলিগী জামাতত অংশগ্ৰহণ কৰিছিল ৷

COVID-19
তেলেংগানা চৰকাৰৰ নিৰীক্ষণত 5000 ৰহিংগীয়া শৰণাৰ্থী
author img

By

Published : Apr 19, 2020, 6:22 PM IST

নেশ্যনেল ডেস্ক, 19 এপ্ৰিল: ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ সৈতে আলোচনা কৰাৰ পাচতে ৰহিংগীয়া শৰণাৰ্থীসকলক নিৰীক্ষণত ৰাখিছে ৷

গৃহ মন্ত্ৰণালয়ে কৈছিল যে,ৰহিংগীয়া আৰু তেওঁলোকৰ সংস্পৰ্শলৈ অহা লোকসকলক স্ক্ৰীণিং কৰাৰ সম্ভাৱনা আছে যিহেতু তেওঁলোকৰ কিছুসংখ্যকে হাৰিয়ানা আৰু দিল্লীত আয়োজন কৰা তবলিগী জামাতত অংশগ্ৰহণ কৰিছিল ৷

আৰক্ষী বিষয়া আৰু স্থানীয় সমাজকৰ্মীৰ মতে,হায়দৰাবাদৰ ওচৰ-পাজৰৰ অঞ্চলসমূহত প্ৰায় 5000 ৰহিংগীয়া শৰণাৰ্থী আছে ৷ চহৰনখনৰ পৰা কিছু নিলগৰ বালাপুৰত অধিকাংশ ৰহিংগীয়াই বাস কৰে ৷ দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়ে এইসকল লোকে ৷

এই মাহৰ আগভাগতে 4 জন ৰহিংগীয়াক তেওঁলোকৰ ভ্ৰমণ ইতিবৃত্তৰ ওপৰত ভিত্তি কৰি তেলেংগানা আৰক্ষীয়ে চিনাক্ত কৰি উলিয়াইছিল ৷ তেওঁলোকৰ মাজৰ যি কেইজন লোকে তবলিগী জামাত ভ্ৰমণ কৰিছিল সকলোকে চিনাক্ত কৰি উলিওৱাৰ লগতে কোৱাৰেন্টাইনত ৰখা হৈছিল ৷ অৱশ্যে আটাইকেইজন লোক কোভিড-19 নেগেটিভ ওলোৱা বুলি জানিব পৰা গৈছিল ৷

লগতে পঢ়কঃ হাইড্ৰক্সিক্ল'ৰকুইনৰ পাৰ্শ্ব-প্ৰতিক্ৰিয়াৰ ওপৰত গৱেষণা অব্যাহত আছে: কেন্দ্ৰীয় চৰকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.