নিউজ ডেস্ক, 24 নৱেম্বৰ : ওড়িশা বিধানসভাৰ বাহিৰত মঙলবাৰে এক নাটকীয় পৰিৱেশৰ সুচনা হয় ৷ ওড়িশাৰ নয়াগড় জিলাৰ জাদুপুৰ গাঁৱৰ এহাল দম্পত্তীয়ে ৰাজ্যখনৰ বিধানসভাৰ সন্মুখত আত্মহত্যা কৰাৰ চেষ্টা কৰে ৷ আত্মহত্যাৰ প্ৰয়াস চলোৱা দম্পত্তি হালক ছৌদামিনি চাহু আৰু অশোক চাহু বুলি চিনাক্ত কৰা হয় ৷ ওড়িশাৰ বিধানসভাৰ বাহিৰত কটকটীয়া নিৰাপত্তা বেষ্টনী থকাৰ পাছতো দম্পত্তিয়ে আত্মহত্যাৰ চেষ্টা চলোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
আত্মহত্যাৰ চেষ্টা চলোৱা দম্পত্তি হালে অভিযোগ উত্থাপন কৰে যে, চাৰি মাহ পূৰ্বে তেওলোকৰ পাঁচ বছৰীয়া কন্যাৰ অপহৰণ কৰি হত্যা কৰা ঘটনা সন্দৰ্ভত দিয়া গোচৰৰ ক্ষেত্ৰত আৰক্ষীয়ে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই ৷ তদুপৰি মন্ত্ৰী অৰুণ চাহুৱে উক্ত ঘটনাৰে জড়িত অপৰাধীত ৰক্ষনাবেক্ষণ দিয়াৰো অভিযোগ উত্থাপন কৰিছে আত্মহত্যাৰ চেষ্টা চলোৱা দম্পত্তিয়ে ৷