ETV Bharat / bharat

সমগ্ৰ দেশতে 31 মে'লৈ লকডাউন বৃদ্ধিৰ নিৰ্দেশ ! - কোভিড-19 লকডাউন

কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশতে লকডাউন 31 মে'লৈকে বৃদ্ধি কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে ৷ ইতিমধ্যে অসম চৰকাৰ, তামিলনাডু চৰকাৰ, মহাৰাষ্ট্ৰ চৰকাৰ, পঞ্জাৱ চৰকাৰে 31 মে'লৈকে লকডাউন বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

সমগ্ৰ দেশতে 31 মে'লৈ লকডাউন বৃদ্ধিৰ নিৰ্দেশ

author img

By

Published : May 17, 2020, 6:39 PM IST

নিউজ ডেস্ক, 17 মে' : কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশতে 31 মে'লৈকে লকডাউন বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰাধিকৰণ আয়োগে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ বিভাগ তথা মন্ত্ৰালয়সমূহৰ লগতে ৰাজ্য চৰকাৰসমূহলৈ এই সন্দৰ্ভত নিৰ্দেশনা জাৰী কৰিছে ৷

ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰাধিকৰণ আয়োগে জাৰী কৰা নিৰ্দেশনাটো

চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ বাবে শীঘ্ৰেই নতুন নীতি নিৰ্দেশনা জাৰী কৰা হ'ব ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি সন্ধিয়া এই সন্দৰ্ভত ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ৷

ইতিমধ্যে মহাৰাষ্ট্ৰৰ লগতে তামিলনাডু আৰু পঞ্জাৱ চৰকাৰে 31 মে'লৈকে লকডাউন বৃদ্ধি কৰিছে ৷ অসম চৰকাৰেও ৰাজ্যত কোভিড-19 ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক 31 মে'লৈকে লকডাউন বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যদিও এতিয়ালৈকে এইবিষয়ত কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.