নিউজ ডেস্ক,11 মে'ঃ পূব আফ্ৰিকাত খুবেই জনপ্ৰিয় হৈ পৰিছে এক প্ৰকাৰৰ কেশ বিন্যাস ৷ কৰ'ণা ভাইৰাছৰ আকৃতিৰে চুলি গাঁঠিবলৈ লৈছে আফ্ৰিকান লোকসকলে আৰু সকলো আফ্ৰিকান লোকৰ মাজতে এতিয়া যথেষ্ট সমাদৰ লাভ কৰিছে এই কৰ'ণা ভাইৰাছ হেয়াৰষ্টাইলে ৷
![coronavirus-hairstyle](https://etvbharatimages.akamaized.net/etvbharat/prod-images/7155356_africa-4.jpg)
![coronavirus-hairstyle](https://etvbharatimages.akamaized.net/etvbharat/prod-images/7155356_africa-1.jpg)
নিজৰ সন্তানক এই হেয়াৰ ষ্টাইলেৰে বেনী গাঁঠি মাতৃয়ে কৈছে, এই ষ্টাইলটো যথেষ্ট সস্তা হোৱাৰ লগতে কৰ'ণা ভাইৰাছৰ ক্ষেত্ৰত ইয়াৰ জৰিয়তে সজাগতা সৃষ্টি কৰা হৈছে ৷ লগতে এই ষ্টাইলে বহুত পইচাও ৰাহি কৰিছে বুলি জানিবলৈ দিছে ৷
![coronavirus-hairstyle](https://etvbharatimages.akamaized.net/etvbharat/prod-images/7155356_africa-3.jpg)
![coronavirus-hairstylecoronavirus-hairstyle](https://etvbharatimages.akamaized.net/etvbharat/prod-images/7155356_africa-2.jpg)
সজাগতাৰ লগতে পইচা ৰাহি কৰিবলৈ সক্ষম হোৱা এই হেয়াৰ ষ্টাইল আফ্ৰিকাৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে ৷