ETV Bharat / bharat

নদীবোৰ পুনৰুজ্জীৱিতকৰণৰ বাবে কৰ’ণাই দিয়া শিক্ষা - নমামি গংগা প্ৰকল্প

ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে গংগাক ভাৰতৰ আত্মা হিচাপে গণ্য কৰিছিল । সেই আত্মাৰ ওপৰত অত্যাচাৰ কৰি তাৰ পানী খোৱাটো বাদেই গা ধোৱাৰ বাবেও অনুপযোগী কৰাৰ পাপৰ ভাগ আঠখন ৰাজ্যৰ চৰকাৰে বহন কৰিব লাগিব ।

নদীবোৰ পুনৰুজ্জীৱিতকৰণৰ বাবে কৰ’ণাই দিয়া শিক্ষা

author img

By

Published : Apr 28, 2020, 12:01 PM IST

উন্নয়নৰ নামত মানুহৰ অবিবেচক কাণ্ডই মানৱ জাতিৰ অস্তিত্বৰ প্ৰতি নানা সংকটৰ কঢ়িয়াই আনিছে । উদ্যোগীকৰণৰ ফলত হোৱা প্ৰদূষণে আকাশ,মাটি আৰু পানীক বিষাক্ত কৰাৰ লগতে মানুহৰ জীৱন নিৰ্বিচাৰে ধ্বংস কৰি আছে । ২০০৮ চনত এখন আন্তঃৰাষ্ট্ৰীয় অধ্যয়নত লাভ কৰা তথ্য মতে বিশ্বত প্ৰদূষণৰ ফলত মৃত্যু হোৱা মুঠ ৮৩ মিলিয়ন লোকৰ ২৩ মিলিয়ন লোকেই ভাৰতীয় । একমাত্ৰ ঔদ্যোগিক প্ৰদূষণৰ কাৰণতেই ভাৰতত ১২ মিলিয়নতকৈ অধিক লোকৰ মৃত্যু ঘটে । কৰ’ণা ভাইৰাছ মহামাৰীৰ বিৰুদ্ধে প্ৰতিৰোধ ব্যৱস্থা স্বৰূপে চলি থকা দেশজোৰা লক ডাউনৰ ফল স্বৰূপে ঔদ্যোগিক কাম-কাজ স্তব্ধ হৈ পৰিছে,পৰিৱেশ পৰিষ্কাৰ হৈ পৰিছে । উত্তৰ প্ৰদেশ প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে সদৰী কৰা অনুসৰি নদীত বিষাক্ত আৱৰ্জনা পেলোৱা বন্ধ হোৱাৰ বাবে নদীৰ পানী চাফা হৈ পৰিছে । প্ৰায় তিনি দশকতকৈ আগেয়ে কেন্দ্ৰ্ৰীয় চৰকাৰে গংগা নদী পৰিষ্কাৰ কৰাৰ লক্ষ্যৰ কথা ঘোষণা কৰিছিল ।

Coronas lesson for revival of rivers
গংগা নদীৰ এটা দৃশ্য

ৰাজীৱ গান্ধীৰ শাসনকালত ৪ হাজাৰ কোটি টকা ব্যয় কৰি এই পদক্ষেপ গ্ৰহণ কৰা হৈছিল । তেতিয়াৰে পৰা যিহেতু কোনো ধৰণৰ ফল নধৰিল ২০১৪ চনত মোদী চৰকাৰে নমামি গংগা প্ৰকল্প গ্ৰহণ কৰে । ২৮,৭৯০ কোটি টকাৰ বাজেট নিৰ্ধাৰণেৰে এই বৰ্ষৰ শেষৰ পিনে সম্পূৰ্ণ কৰাৰ লক্ষ্যৰে ৩১০ টা প্ৰকল্প গ্ৰহণ কৰা হৈছিল । কিন্তু মাত্ৰ ৩৭ শতাংশ কামহে সম্পূৰ্ণ হৈছে । চৰকাৰে এনেবোৰ প্ৰকল্প গ্ৰহণ কৰি গংগাক চাফা কৰিব বিচাৰে যদিও শেহতীয়া পৰিস্থিতিয়ে এটা কথা প্ৰমাণ কৰিছে যে ঔদ্যোগিক আৱৰ্জনাই প্ৰদূষিত নকৰিলে গংগা নিজে নিজে পৰিষ্কাৰ হৈ উঠিব । ঔদ্যোগিক প্ৰদূষণ নথকাৰ ফলত পৃথিৱীৰ মূল-মূল, নদীবোৰ যি হাৰত নিজে নিজে চাফা হৈ উঠিছে ইয়াৰ পৰা এটা কথা অনুভৱ হয় যে নদীৰ পানী চাফা কৰাৰ বাবে ৰণ কৌশলবোৰ সলনি কৰিব লাগিব ।

Coronas lesson for revival of rivers
প্ৰদূষিত গংগাৰ পাৰ

ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে গংগাক ভাৰতৰ আত্মা হিচাপে গণ্য কৰিছিল । সেই আত্মাৰ ওপৰত অত্যাচাৰ কৰি তাৰ পানী খোৱাটো বাদেই গা ধোৱাৰ বাবেও অনুপযোগী কৰাৰ পাপৰ ভাগ আঠখন ৰাজ্যৰ চৰকাৰে বহন কৰিব লাগিব । নদীখনৰ মূলভাগৰ কাষৰীয়া ৯৭ খন চহৰৰ পৰা প্ৰতি দিনে ১৫৫ টা ডাঙৰ নলাৰে বিলিয়ন বিলিয়ন লিটাৰ আৱৰ্জনা গংগাৰ বুকুত পৰে । যাৰ ফলত নদীখনৰ পৰিৱেশ বিনষ্ট হৈ পৰে । কেৱল গংগাই নহয়, প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ পৰা নীতি বহিৰ্ভূতভাৱে লাভ কৰা সহায়ৰ দ্বাৰা প্ৰদূষক আৰু আৱৰ্জনা নদীসমূহৰ বুকুত পেলোৱাৰ ফলত সমগ্ৰ ব্যৱস্থাটোৱে জৰ্জৰিত হৈ পৰিছে । যদিও ভাৰতত ৪৫০ খন নদী আছে,ইয়াৰে আধা অংশৰে পানী খোৱাৰ বাবে অনুপযোগী আৰু তাৰে কিছুসংখ্যকৰ পানী গা ধোৱাৰ বাবেও উপযুক্ত নহয় । তেনে প্ৰদূষিত পানীৰে কৰা খেতিত হোৱা ফচলে জনস্বাস্থ্যৰ প্ৰতিও বিপদৰ সৃষ্টি কৰিছে ।

Coronas lesson for revival of rivers
প্ৰদূষণে কোঙা কৰা গংগাৰ দৃশ্য

গংগাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰকল্প গ্ৰহণৰ বাবে নিৰ্দেশ দিয়া হৈছে । ৩১০ টা প্ৰকল্পৰ ভিতৰত ১৫২ টা খাল বা নলাৰ ব্যৱস্থাৰ প্ৰকল্প গ্ৰহণ কৰি প্ৰতি দিনে ৪৮৮ কোটি লিটাৰ পানী পৰিষ্কাৰ কৰাৰ বাবে চৰকাৰে লক্ষ্য নিৰ্ধাৰণ কৰিছে । পৰিৱেশবিদসকলৰ মতে ৱেষ্ট ৱাটাৰ মেনেজমেণ্টৰ বিষয়টো গুৰুত্ব সহকাৰে ল’ব লাগে আৰু ৰিচাইক'ল কৰা পানী পুনৰ ব্যৱহাৰ কৰিব লাগে যাতে নদীবোৰ প্ৰদূষণমুক্ত হৈ পুনৰুজ্জীৱিত হৈ উঠে । লক ডাউনৰ পাছত ঔদ্যোগিক আৱৰ্জনাবোৰ যাতে নদীৰ বুকুত নপৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিলে সেয়া পৰিৱেশ অনুকূল হৈ পৰিব । দূষিত পানী ব্যৱহাৰ কৰাৰ ফলত অসুস্থ হোৱাৰ পৰা বাচিবলৈ আমাৰ জলসম্পদক গুৰুত্ব সহকাৰে সংৰক্ষণ কৰাৰ বাদে আন কোনো উপায় নাই ।

লগতে চাওকঃ ৰঙা চীনক সকিয়াই ভাৰতীয় সেনাই 27 দিনত সাজিলে বিশেষ দলং

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.