ETV Bharat / bharat

মহিলা আৰু শিশুৰ সাংবিধানিক অধিকাৰ - NATIONAL CRIME RECORDS BUREAU

প্ৰগতিশীল সমাজ আৰু গণতান্ত্ৰিক গণৰাজ্য হিচাপে আমি উত্তৰ দিবলগীয়া প্ৰশ্নটো হৈছে—আমি প্ৰকৃততে কিমান দূৰ উপনীত হৈছো বা কি লাভ কৰিছো, কিয় কিছুসংখ্যক জলজল পটপট বিফলতা আছে, ইয়াৰ প্ৰতিকাৰৰ উপায় কি আছে? কিন্তু এটা কথা মানি ল’ব লাগিব যে সমময় সলনি হৈ আছে । মহিলাসকলে তেওঁলোকৰ অধিকাৰ আছে বুলি কেতিয়াবাই অনুধাৱন কৰিছিল ।

মহিলা আৰু শিশুৰ সাংবিধানিক অধিকাৰ
মহিলা আৰু শিশুৰ সাংবিধানিক অধিকাৰ
author img

By

Published : Jan 28, 2020, 9:25 AM IST

আমাৰ গণৰাজ্যই সত্তৰটা বৰ্ষ অতিক্ৰম কৰাৰ পাছত আমাৰ সংবিধানে মহিলা আৰু শিশুক প্ৰদান কৰা অধিকাৰসমূহ আমি কিমান দূৰ গ্ৰহণ কৰিছো সেয়া মূল্যায়ন কৰাৰ সময় আহি পৰিছে । আমাৰ সংবিধানত সন্নিবিষ্ট মৌলিক অধিকাৰৰ অধ্যায়টোৱে আইনৰ ওচৰত সমতা আৰু আইনৰ সমান সুৰক্ষা প্ৰদান কৰে । লগতে ই ধৰ্ম,বৰ্ণ,লিংগ,জন্মৰ স্থান আদিৰ ভিত্তি বৈষম্যক বাধা দিয়ে । ১৫(৩) নং অনুচ্ছেদত উল্লেখ আছে-এই অনুচ্ছেদে চৰকাৰক মহিলা আৰু শিশুৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণত বাধা নিদিব। ইয়াৰ দ্বাৰা স্পষ্ট ইংগিত পোৱা যায় যে আমাৰ সংবিধান প্ৰণেতাসকলে আমাৰ প্ৰশাসনত মহিলাক মূলসুঁতিলৈ অনাৰ প্ৰচেষ্টাত স্বীকৃতি প্ৰদান কৰাৰ লগতে শিশুৰ প্ৰতি যত্ন আৰু সুৰক্ষাৰ গুৰুত্বক ইতিবাচকভাৱে গ্ৰহণ কৰিছিল। আমি তেওঁলোকৰ সপোনবোৰ সাকাৰ কৰিছোনে?

ভাৰতীয় গণৰাজ্যৰ প্ৰথম কেইবছৰতে মহিলাসকলৰ সমতা আৰু আন অধিকাৰসমূহ সুৰক্ষিত কৰিবলৈ কিছু পদক্ষেপ লোৱা হৈছিল । ১৯৫০ৰ দশকৰ মাজভাগত প্ৰণয়ন হোৱা হিন্দু কোডে এক নতুন দুৱাৰ মুকলি কৰে। এই গতি ধীৰ যদিও সুস্থিৰ আছিল । ১৯৬১ চনত মাতৃত্ব উপকাৰ আইন আৰু যৌতুক বিৰোধী আইন গৃহীত কৰা হয়। কিন্তু কেৱল আইনে সমাজৰ সকলো সলনি কৰিব নোৱাৰে । উদাহৰণ স্বৰপে ভাৰতীয় দণ্ডবিধিৰ ৩০৪বি ধাৰা অনুসৰি যৌতুকক লৈ কৰা হত্যাক জঘন্য অপৰাধ হিচাপে বিবেচনা কৰা হয়। কিন্তু ই যৌতুকৰ বাবে হোৱা হত্যাবোৰ বন্ধ কৰিব পাৰিছেনে? নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ্ ব্যুৰোৰ তথ্য অনুসৰি প্ৰতি ঘণ্টাতে যৌতুকৰ নামত এগৰাকী মহিলাই প্ৰাণ হেৰুৱায়। একেদৰে নাৰীক ঘৰুৱা হিংসাৰ পৰা ৰক্ষা কৰাৰ বাবে অথবা কৰ্মক্ষেত্ৰত নাৰীৰ ওপৰত হোৱা যৌন নিৰ্যাতন বা হাৰাশাস্তি প্ৰতিহত কৰিবলৈ প্ৰণয়ন কৰা আইনসমূহ ফলপ্ৰসূ নে ? এই আইনসমূহ জৰুৰী আৰু ইয়াক প্ৰণয়ন কৰিবলৈ দীৰ্ঘদিন অপেক্ষা কৰিব লগা হৈছিল। ভাল খবৰটো এয়ে যে এই আইনসমূহে নাৰীসকলক সংবিধানে প্ৰদান কৰা অধিকাৰসমূহ সুৰক্ষিত কৰিবলৈ সজাগ আৰু সবল কৰিছে।

সংবিধানত উল্লেখিত নিৰ্দেশাত্মক নীতিয়ে পুৰুষ আৰু মহিলা উভয়ৰে জীৱিকা অৰ্জনৰ সমান অধিকাৰৰ লগতে একেটা কামৰ বাবে সম হাৰত পাৰিশ্ৰমিক আদায় দিয়াটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে । সংবিধানে মহিলাসকলৰ বাবে (অনুসূচিত জাতি আৰু জনজাতিকে ধৰি) পঞ্চায়ত আৰু নগৰপালিকাত সংৰক্ষণৰ ব্যৱস্থা প্ৰদান কৰিছে । কিন্তু ইয়াৰ পাছতো বহুতে (ক্ষমতাতত থকা শীৰ্ষ লোকেও) নাৰীৰ স্থান ঘৰত বুলিহে ৰাজহুৱা মন্তব্য কৰে। এইটো সকলোৱে জনা কথা যে কিছুমান সংৰক্ষিত আসনত বহা মহিলাসকল মূলতঃ প্ৰক্সি। গতিকে কেৱল আইনেই যথেষ্ট নহয়। সংবিধান প্ৰণেতাসকলে আশা কৰা সবলীকৰণৰ লক্ষ্যত উপনীত হ’বলৈ আমাৰ মানসিকতা থাকিব লাগিব ।

মানৱাধিকাৰৰ সাৰ্বজনীন ঘোষণাৰ ২৫ নং অনুচ্ছেদে শৈশৱক বিশেষ যত্ন আৰু সহায়ৰ মাজত ৰখাৰ পোষকতা কৰিছে । এই কথাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ সংবিধানে চৈধ্য বছৰৰ যিকোনো শিশুক উদ্যোগ,খনি বা যিকোনো বিপজ্জনক কামত নিয়োজিত হোৱাৰ পৰা বাধা দিছে । ফুলকুমলীয়া শিশুসকল যাতে অন্যায়ৰ বলি নহয় আৰু সিহতক সুস্বাস্থ্য,আত্মসন্মান আৰু স্বাধীনতাৰ মাজত ডাঙৰ হ’বলৈ সুযোগ দিয়া হয়,শিশু আৰু কিশোৰ-কিশোৰীসকল শোষণৰ পৰা মুক্ত হয় তাৰ বাবে চৰকাৰক পদক্ষেপ ল’বলৈ ৰাষ্ট্ৰৰ প্ৰতি নিৰ্দেশাত্মক নীতিসমূহত উল্লেখ আছে। এইবোৰ এক আদৰ্শগত কথা,কিন্তু এই অধিকাৰবোৰ সুৰক্ষিত কৰিবলৈ আমি যথেষ্ট কাম কৰিছোনে?

শিশু বিশেষকৈ কন্যা শিশুসকলৰ হিতৰ বাবে ৰাষ্ট্ৰীয় আঁচনি গ্ৰহণ কৰা হৈছে। কিশোৰ ন্যায় আইনখন তেওঁলোকৰ যত্ন আৰু সুৰক্ষাৰ বাবে লোৱা হৈছে । একেদৰে চৈধ্য বছৰৰ বাবে বিনামূলীয়া শিক্ষাৰ অধিকাৰকো স্বীকৃতি দিয়া হৈছে। কিন্তু প্ৰকৃত সত্যটো হতাশাজনক । কৈলাশ সত্যাৰ্থীৰ অশেষ চেষ্টা সত্বেও এতিয়াও শিশু শ্ৰমিক আছে । বিগত কিছুমাহত চিকিৎসাৰ সা-সুবিধাৰ অভাৱত ফলত শ শ নৱজাতকৰ মৃত্যু হোৱা কথাটোৱে আমাক হতচকিত কৰি তুলিছে । এন চি আৰ বিয়ে প্ৰকাশ কৰা তথ্যমতে প্ৰতিদিনে ২৫০ টা শিশু নিৰুদ্দেশ হয়। এক আশ্ৰয়গৃহত ৩০গৰাকীতকৈ অধিক কন্যা শিশুক যৌন নিৰ্যাতন চলাই অহাৰ বাবে অলপতে কেইবাজনো লোকক আদালতে দোষী সাব্যস্ত কৰা ঘটনাই প্ৰমাণ কৰে যে আমাৰ সংবিধানৰ মতে শিশুসকলক তেওঁলোকৰ প্ৰাপ্য দিয়া হোৱা নাই । এন চি আৰ বিৰ মতে শিশু-কিশোৰে সংঘটিত কৰা অপৰাধজনিত ঘটনাৰ সংখ্যা হ্ৰাস পাইছে যদিও ২০১৬ ৰ পৰা ২০১৮ৰ ভিতৰত শিশুৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ সংখ্যা বৃদ্ধি পাইছে । শিক্ষাৰ অধিকাৰ আইন প্ৰায় ন বছৰ পূৰ্বে গৃহীত কৰা হৈছিল । ইয়াৰ উপকাৰিতা আছে,কিন্তু কিমান দূৰলৈ ? আন্তঃগাঁথনি আৰু যোগ্যতাসম্পন্ন শিক্ষকৰ অভাৱৰ ফলত শিশুসকল গুণগত শিক্ষাৰ মৌলিক অধিকাৰৰ পৰা বঞ্চিত হৈছে ।

গতিকে প্ৰগতিশীল সমাজ আৰু গণতান্ত্ৰিক গণৰাজ্য হিচাপে আমি উত্তৰ দিবলগীয়া প্ৰশ্নটো হৈছে—আমি প্ৰকৃততে কিমান দূৰ উপনীত হৈছো বা কি লাভ কৰিছো, কিয় কিছুসংখ্যক জলজল পটপট বিফলতা আছে, ইয়াৰ প্ৰতিকাৰৰ উপায় কি আছে? কিন্তু এটা কথা মানি ল’ব লাগিব যে সমময় সলনি হৈ আছে । মহিলাসকলে তেওঁলোকৰ অধিকাৰ আছে বুলি কেতিয়াবাই অনুধাৱন কৰিছিল । এতিয়া এই অধিকাৰবোৰৰ ওপৰত গুৰুত্ব দিয়া হৈছে আৰু সংবিধানে সমতা আৰু আত্মসন্মানৰ ভিত্তি এই অধিকাৰসমূহ গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰে । আমাৰ নেতাসকলকে ধৰে কোনোৱে ইয়াক অৱহেলা বা ৰোধ কৰিবলৈ চেষ্টা কৰিব নোৱাৰে । আমাৰ দেশৰ জনসংখ্যাৰ ৩৭ শতাংশ হৈছে শিশু । তেওঁলোকৰ অধিকাৰক বিগত সত্তৰটা বছৰে অৱহেলা বা প্ৰয়োজনীয় গুৰুত্ব দিয়া হোৱা নাই । আমি সিহতৰ অধিকাৰসমূহ চিনাক্ত কৰি সুৰক্ষিত কৰিব লাগিব । শিশু আৰু নাৰীৰ কল্যাণৰ বাবে প্ৰণয়ন কৰা আইন বা কল্যাণকামী আঁচনিসমূহৰ ৰূপায়ণৰ আমি মূল্যায়ন কৰিব লাগিব । নিৰপেক্ষ আৰু বস্তুনিষ্ঠ বিশ্লেষণে আশ্ৰয় গৃহৰ ভয়ংকৰ ঘটনা উদঙোৱাৰ দৰে আন বহু সত্যক উন্মোচন কৰিবলৈ সক্ষম হ’ব ।

আমাৰ গণৰাজ্যই ৭০ টা বৰ্ষ পূৰ্ণ কৰাত আমাৰ পথ নিৰ্দেশনা কি হ’ব ? ভাৰতকে ধৰি ১৯৩ খন দেশে গ্ৰহণ কৰা বহনক্ষম উন্নয়নৰ লক্ষ্যই হৈছে উত্তৰ । এই লক্ষ্যসমূহত (মহিলা আৰু শিশুৰ অধিকাৰো সন্নিবিষ্ট) উপনীত হ’বলৈ আমি অনাগত দশকটোত গণতান্ত্ৰিকভাৱে একেলগে কাম কৰিব লাগিব। তেতিয়াহে আমি সফলতা লাভ কৰিম-কিন্তু ইয়াৰ বাবে আমি বহু দীঘলীয়া বাট বুলিব লাগিব ।

ন্যায়াধীশ মদন বি লকুৰ (অৱসৰপ্ৰাপ্ত)

Intro:Body:

Constitutional rights of women and children

মহিলা আৰু শিশুৰ সাংবিধানিক অধিকাৰ

ন্যায়াধীশ মদন বি লকুৰ (অৱসৰপ্ৰাপ্ত)

আমাৰ গণৰাজ্যই সত্তৰটা বৰ্ষ অতিক্ৰম কৰাৰ পাছত আমাৰ সংবিধানে মহালি আৰু শিশুক প্ৰদান কৰা অধিকাৰসমূহ আমি কিমান দূৰ গ্ৰহণ কৰিছোঁ সেয়া মূল্যায়ন কৰাৰ সময় আহি পৰিছে । আমাৰ সংবিধানত সন্নিবিষ্ট মৌলিক অধিকাৰৰ অধ্যায়টোৱে আইনৰ ওচৰত সমতা আৰু আইনৰ সমান সুৰক্ষা প্ৰদান কৰে । লগতে ই ধৰ্ম, বৰ্ণ, লিংগ, জন্মৰ স্থান আদিৰ ভিত্তি বৈষম্যক বাধা দিয়ে । ১৫(৩) নং অনুচ্ছেদত উল্লেখ আছে-এই অনুচ্ছেদে চৰকাৰক মহিলা আৰু শিশুৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণত বাধা নিদিব । ইয়াৰ দ্বাৰা স্পষ্ট ইংগিত পোৱা যায় যে আমাৰ সংবিধান প্ৰণেতাসকলে আমাৰ প্ৰশাসনত মহিলাক মূলসুঁতিলৈ অনাৰ প্ৰচেষ্টাত স্বীকৃতি প্ৰদান কৰাৰ লগতে শিশুৰ প্ৰতি যত্ন আৰু সুৰক্ষাৰ গুৰুত্বক ইতিবাচকভাৱে গ্ৰহণ কৰিছিল । আমি তেওঁলোকৰ সপোনবোৰ সাকাৰ কৰিছোঁনে?

ভাৰতীয় গণৰাজ্যৰ প্ৰথম কেইবছৰতে মহিলাসকলৰ সমতা আৰু আন অধিকাৰসমূহ সুৰক্ষিত কৰিবলৈ কিছু পদক্ষেপ লোৱা হৈছিল । ১৯৫০ৰ দশকৰ মাজভাগত প্ৰণয়ন হোৱা হিন্দু কোডে এক নতুন দুৱাৰ মুকলি কৰে । এই গতি ধীৰ যদিও সুস্থিৰ আছিল ।১৯৬১ চনত মাতৃত্ব উপকাৰ আইন আৰু যৌতুক বিৰোধী আইন গৃহীত কৰা হয় । কিন্তু কেৱল আইনে সমাজৰ সকলো সলনি কৰিব নোৱাৰে । উদাহৰণ স্বৰপে ভাৰতীয় দণ্ডবিধিৰ ৩০৪বি ধাৰা অনুসৰি যৌতুকক লৈ কৰা হত্যাক জঘন্য অপৰাধ হিচাপে বিবেচনা কৰা হয় । কিন্তু ই যৌতুকৰ বাবে হোৱা হত্যাবোৰ বন্ধ কৰিব পাৰিছেনে? নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ্ ব্যুৰোৰ তথ্য অনুসৰি প্ৰতি ঘণ্টাতে যৌতুকৰ নামত এগৰাকী মহিলাই প্ৰাণ হেৰুৱায় । একেদৰে নাৰীক ঘৰুৱা হিংসাৰ পৰা ৰক্ষা কৰাৰ বাবে অথবা কৰ্মক্ষেত্ৰত নাৰীৰ ওপৰত হোৱা যৌন নিৰ্যাতন বা হাৰাশাস্তি প্ৰতিহত কৰিবলৈ প্ৰণয়ন কৰা আইনসমূহ ফলপ্ৰসূ নে? এই আইনসমূহ জৰুৰী আৰু ইয়াক প্ৰণয়ন কৰিবলৈ দীৰ্ঘ দিন অপেক্ষা কৰিব লগা হৈছিল । ভাল খবৰটো এয়ে যে এই আইনসমূহে নাৰীসকলক সংবিধানে প্ৰদান কৰা অধিকাৰসমূহ সুৰক্ষিত কৰিবলৈ  সজাগ আৰু সবল কৰিছে ।  

সংবিধানত উল্লেখিত নিৰ্দেশাত্মক নীতিয়ে পুৰুষ আৰু মহিলা উভয়ৰে জীৱিকা আৰ্জনৰ সমান অধিকাৰৰ লগতে একেটা কামৰ বাবে সম হাৰত পাৰিশ্ৰমিক আদায় দিয়াটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে । সংবিধানে মহিলাসকলৰ বাবে (অনুসূচিত জাতি আৰু জনজাতিকে ধৰি) পঞ্চায়ত আৰু নগৰপালিকাত সংৰক্ষণৰ ব্।ৱস্থা প্ৰদান কৰিছে । কিন্তু ইয়াৰ পাছতো বহুতে (ক্ষমতাতত থকা শীৰ্ষ লোকেও) নাৰীৰ স্থান ঘৰত বুলিহে ৰাজহুৱা মন্তব্য কৰে । এইটো সকলোৱে জনা কথা যে কিছুমান সংৰক্ষিত আসনত বহা মহিলাসকল মূলতঃ প্ৰক্সি । গতিকে কেৱল আইনেই যথেষ্ট নহয় । সংবিধান প্ৰণেতাসকলে আশা কৰা সবলীকৰণৰ লক্ষ্যত উপনীত হ’বলৈ আমাৰ মানসিকতা থাকিব লাগিব । 

মানৱাধিকাৰৰ সাৰ্বজনীন ঘোষণাৰ ২৫ নং অনুচ্ছেদে শৈশৱক বিশেষ যত্ন আৰু সহায়ৰ মাজত ৰখাৰ পোষকতা কৰিছে । এই কথাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ সংবিধানে চৈধ্য বছৰৰ যিকোনো শিশুক উদ্যোগ, খনি বা যিকোনো বিপজ্জনক কামত নিয়োজিত হোৱাৰ পৰা বাধা দিছে । ফুলকুমলীয়া শিশুসকল যাতে অন্যায়ৰ বলি নহয় আৰু সিহঁতক সুস্বাস্থ্য, আত্মসন্মান আৰু স্বাধীনতাৰ মাজত ডাঙৰ হ’বলৈ সুযোগ দিয়া হয়, শিশু আৰু কিশোৰ-কিশোৰীসকল শোষণৰ পৰা মুক্ত হয় তাৰ বাবে চৰকাৰক পদক্ষেপ ল’বলৈ ৰাষ্ট্ৰৰ প্ৰতি নিৰ্দেশাত্মক নীতিসমূহত উল্লেখ আছে । এইবোৰ এক আদৰ্শগত কথা, কিন্তু এই অধিকাৰবোৰ সুৰক্ষিত কৰিবলৈ আমি যথেষ্ট কাম কৰিছোঁনে?

শিশু বিশেষকৈ কন্যা শিশুসকলৰ হিতাৰ বাবে ৰাষ্ট্ৰীয় আঁচনি গ্ৰহণ কৰা হৈছে । কিশওৰ ন্যায় আইনখন তেওঁলোকৰ যত্ন আৰু সুৰক্ষাৰ বাবে লোৱা হৈছে । একেদৰে চৈধ্য বছৰৰ বাবে বিনামূলীয়া শিক্ষাৰ অধিকাৰকো স্বীকৃতি দিয়া হৈছে । কিন্তু প্ৰকৃত সত্যটো হতাশাজনক । কৈলাশ সত্যাৰ্থীৰ অশেষ চেষ্টা সত্বেও এতিয়াও শিশু শ্ৰমিক আছে । বিগত কিছুমাহত চিকিৎসাৰ সা-সুবিধাৰ অভাৱত ফলত শ শ নৱজাতকৰ মৃত্যু হোৱা কথাটোৱে আমাক হতচকিত কৰি তুলিছে । এন চি আৰ বিয়ে প্ৰকাশ কৰা তথ্যমতে প্ৰতিদিনে ২৫০ টা শিশু নিৰুদ্দেশ হয় । এক আশ্ৰয়গৃহত ৩০গৰাকীতকৈ অধিক কন্যা শিশুক যৌন নিৰ্যাতন চলাই অহাৰ বাবে অলপতে কেইবাজনো লোকক আদালতে দোষী সাব্যস্ত কৰা ঘটনাই প্ৰমাণ কৰে যে আমাৰ সংবিধানৰমতে শিশুসকলক তেওঁলোকৰ প্ৰাপ্য দিয়া হোৱা নাই । এন চি আৰ বিৰ মতে শিশু-কিশোৰে সংঘটিত কৰা অপৰাধজনিত ঘটনাৰ সংখ্যা হ্ৰাস পাইছে যদিও ২০১৬ ৰ পৰা ২০১৮ৰ ভিতৰত শিশুৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ সংখ্যা বৃদ্ধি পাইছে । শিক্ষাৰ অধিকাৰ আইন প্ৰায় ন বছৰ পূৰ্বে গৃহীত কৰা হৈছিল । ইয়াৰ উপকাৰিতা আছে, কিন্তু কিমান দূৰলৈ? আন্তঃগাঁথনি আৰু যোগ্যতাসম্পন্ন শিক্ষকৰ অভাৱৰ ফলত শিশুসকল গুণগত শিক্ষাৰ মৌলিক অধিকাৰৰ পৰা বঞ্চিত হৈছে । 

গতিকে প্ৰগতিশীল সমাজ আৰু গণতান্ত্ৰিক গণৰাজ্য হিচাপে আমি উত্তৰ দিবলগীয়া প্ৰশ্নটো হৈছে—আমি প্ৰকৃততে কিমান দূৰ উপনীত হৈছোঁ বা কি লাভ কৰিছো, কিয় কিছুসংখ্যক জলজল পটপট বিফলতা আছে, ইয়াৰ প্ৰতিকাৰৰ উপায় কি আছে? কিন্তু এটা কথা মানি ল’ব লাগিব যে সমময় সলনি হৈ আছে । মহিলাসকলে তেওঁলোকৰ অধিকাৰ আছে বুলি কেতিয়াবাই অনুধাৱন কৰিছিল । এতিয়া এই অধিকাৰবোৰৰ ওপৰত গুৰুত্ব দিয়া হৈছে আৰু সংবিধানে সমতা আৰু আত্ম সন্মনৰ ভিত্তি এই অধিকাৰসমূহ গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰে । আমাৰ নেতাসকলকে ধৰে কোনোৱে ইয়াক অৱহেলা বা ৰোধ কৰিবলৈ চেষ্টা কৰিব নোৱাৰে । আমাৰ দেশৰ জনসংখ্যাৰ ৩৭ শতাংশ হৈছে শিশু । তেওঁলোকৰ অধিকাৰক বিগত সত্তৰটা বছৰে অৱহেলা বা প্ৰয়োজনীয় গুৰুত্ব দিয়া হোৱা নাই । আমি সিহঁতৰ অধিকাৰসমূহ চিনাক্ত কৰি সুৰক্ষিত কৰিব লাগিব । শিশু আৰু নাৰীৰ কল্যাণৰ বাবে প্ৰণয়ন কৰা আইন বা কল্যাণকামী আঁচনিসমূহৰ ৰূপায়ণৰ আমি মূল্যআয়ন কৰিব লাগিব । নিৰপেক্ষ আৰু বষ্ঠনিষ্ঠ বিশ্লেষণে আশঅৰয় গৃহৰ ভয়ংকৰ ঘটনা উদঙোৱাৰ দৰে আন বহু সত্যক উন্মোচন কৰিবলৈ সক্ষম হ’ব । 

আমাৰ গণৰাজ্যই ৭০ টা বৰ্ষ পূৰ্ণ কৰাত আমাৰ পথ নিৰ্দেশনা কি হ’ব? ভাৰতকে ধৰি ১৯৩ খন দেশে গ্ৰহণ কৰা বহনক্ষম উন্নয়নৰ লক্ষ্যই হৈছে উত্তৰ । এই লক্ষ্যসমূহত (মহিলা আৰু শিশুৰ অধিকাৰো সন্নিবিষ্ট) উপনীত হ’বলৈ আমি অনাগত দশকটোত গণতান্ত্ৰিকভাৱে একেলগে কাম কৰিব লাগিব । তেতিয়াহে আমি সফলতা লাভ কৰিম-কিন্তু ইয়াৰ বাবে আমি বহু দীঘলীয়া বাট বুলিব লাগিব । 

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.